অসম

দিল্লাই আৰক্ষীৰ তালাচীত ৭ লাখ টকাসহ আটক দুজনক…

asomiyapratidin

ডিজিটেল সংবাদ, বোকাজান: দিল্লাই আৰক্ষীৰ নিয়মীয়া তালাচীত গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখী এখন বলেৰ' গাড়ীৰ পৰা সাত লাখ টকাৰ লগতে এগৰাকী মহিলাসহ দুজনক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখী এম এন ০৩ এ ২৭৫৮ নম্বৰৰ বলেৰ' গাড়ীখনত সন্দেহবশত তালাচী চলাই সাত লাখ টকা উদ্ধাৰ হোৱাৰ পাছত লিয়ংখোনৰিন হ'কিপ নামৰ ৪৮ বছৰ বয়সীয়া মহিলাগৰাকীৰ লগতে লামখ' পাও হ'কিপ নামৰ যুৱকজনক আটক কৰি দিল্লাই থানাত জেৰা কৰে।

প্ৰথম অৱস্থাত টকাখিনি মণিপুৰৰ পৰা অনা বুলি ধৃত ব্যক্তিকেইজনে মিছাকৈ কয় যদিও আৰক্ষীৰ জেৰাৰ পাছত উদ্ধাৰ হোৱা সাত লাখ টকা গুৱাহাটীৰ আই এছ বি টিত অমৃত নামৰ যুৱকজনে ড্ৰাগছৰ বিনিময়ত দিয়া বুলি স্বীকাৰ কৰে। বৰ্তমান ধৃত দুয়োজনকে দিল্লাই থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।