অসম

নিৰ্বাচনী ৰণডংকা! মোডীক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ বিজেপিক ভোট দিবলৈ আহ্বান...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে জয়ী কৰিবলৈ সকলো জনতাই বহু আগ্ৰহেৰে বাট চাই আছে । ইয়াৰ বাবে দৰং ওদালগুৰি লোকসভা সমষ্টিত সৰ্বাধিক ভোট লাভ কৰিম আৰু এই ভোটৰ জৰিয়তে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক জয়ী কৰাই আনিম- এই মন্তব্য দিলীপ শইকীয়াৰ। বৃহস্পতিবাৰে ৰঙিয়াৰ চেপ্তিত বিজেপিৰ বুথ কাৰ্যকৰ্তাৰ সন্মিলনী সভাত অংশ গ্ৰহণ কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই এই মন্তব্য কৰে ।

তদুপৰি ১৪ খন আসনতে বিজেপি মিত্ৰজোঁটে জয়ী হ'ব বুলি উল্লেখ কৰে তেওঁ । আনহাতে নিৰ্বাচনৰ ৪ এপ্ৰিলত মনোনয়ন দাখিলৰ দিনা জনজাতীয় সাজপাৰ পৰিধানেৰে বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা,বি টি আৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়কক লৈ ৫০হাজাৰোধিক কাৰ্যকৰ্তাৰ উপস্থিত থাকিব বুলি প্ৰাৰ্থী শইকীয়াই জনায় ।

ইয়াৰ পূৰ্বে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা নামঘৰত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে সেৱা জনাই প্ৰচাৰ কাৰ্য আৰম্ভ কৰে । তদুপৰি আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবে ভোট দিবলৈ সন্মিলনত উপস্থিত থাকি বিধায়ক দিগন্ত কলিতাই উপস্থিত ৰাইজক আহ্বান জনায়। লগতে স্থানীয় বিধায়ক ভৱেশ কলিতাইও বিজেপিৰ বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰতক শ্লোগানেৰে পুনৰবাৰ বিজেপি চৰকাৰক ভোট দি ৰাইজৰ সমস্যা সমাধানৰ আশা প্ৰদান কৰা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক পুনৰবাৰ জয়ী কৰাৰ বাবে সকলোকে আহ্বান কৰে ।

ইফালে ৰঙিয়াৰ চেপ্তিত এই বিশাল বুথ সন্মিলনত সমষ্টিটোৰ ২৫৪ টা বুথৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰা সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা , দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া , ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা , ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপৰিও জিলা বিজেপিৰ সভাপতি সুৱল পাল সহ বহু কেইগৰাকী নেতা উপস্থিত থাকে । এই সন্মিলনত কেইবাগৰাকীও ৰঙিয়াৰ কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰে ।