অসম

ডিকম চাহ বাগিছাত এসপ্তাহতেই পিঞ্জৰাৱদ্ধ ৩টা বাঘ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ডিকম চাহ বাগিছাত এতিয়া চাহৰ লগতে বাঘৰ বাবেও বিখ্যাত হৈ পৰিছে। যোৱা ৭দিনত বাগিছাখনত পিঞ্জৰাৱদ্ধ হৈছে ৩টাকৈ বাঘ। শুকুৰবাৰ, সোমবাৰ আৰু বুধবাৰে এই বাঘ কেইটা বন বিভাগৰ সহযোগত পিঞ্জৰাৱদ্ধ কৰে চাহ বাগিছাখনৰ কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে, ২০০৪ৰ পৰা ২০১৮লৈকে ডিকম চাহ বাগিছাত মুঠ ৩২টা বাঘ পিঞ্জৰাৱদ্ধ কৰা হৈছিল। চাহ বাগিছাখনৰ কাষৰীয়া অঞ্চলত বাঘৰ বসতি থকা হেতুকে ডিকম চাহ বাগিছা কৰ্তৃপক্ষই কোনো শ্ৰমিকে যাতে বাঘ নিধন নকৰে তাৰ বাবেও বিশেষ উদ্যোগ লৈছে।

বিগত ১৪ বছৰ ধৰি চাহ বাগিছাখনত কৰ্মৰত মেনেজাৰ সমৰজ্যোতি চলিহা আৰু সহকাৰী মেনেজাৰ ঋষি ভৰালীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত বিশেষ সচেতনতা সভা অনুুষ্ঠিত কৰি আহিছে। এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে।

সেয়েহে আন স্থানত বাঘ ধৰি আধা মৰা কৰাৰ বিপৰীতে ডিকম চাহ বাগিছা অঞ্চলত বাঘ পিঞ্জৰাৱদ্ধ কৰাতহে সহযোগ কৰে। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এই চাহ বাগিছাখনে বিশেষ নজিৰ দেখুৱাইছে। বাঘ কৰায়ত্ত কৰাৰ ক্ষেত্ৰত চাহ বাগিছা কৰ্তৃপক্ষক সহায় কৰি আহিছে ৰেঞ্জাৰ শ্বেখাৱত আলী আৰু সঞ্জীৱ বৰদলৈয়ে।