অসম

দীক্ষিতা চুইটচ এণ্ড বেকাৰী আৰু দীক্ষিতা ভোজনালয়ৰ শিক্ষক দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত শিক্ষক দিৱস উপলক্ষে দীক্ষিতা চুইটচ এণ্ড বেকাৰী আৰু দীক্ষিতা ভোজনালয়ৰ স্বত্বাধিকাৰী জনাৰ্দ্দন বড়োৱে কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে দুখীয়া শিক্ষাৰ্থীৰ মাজত অভিধান বিতৰণ কৰে।ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ সমীপতে শিক্ষক দিৱস উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰি কৃতী শিক্ষকক সম্বৰ্ধনাৰ লগতে শিক্ষাৰ্থীৰ মাজত অভিধান বিতৰণৰ মাজতে  বিশেষ ভাৱে সক্ষম কণ্ঠ শিল্পী বাবুল পাঠকে পেৰেডী গীত গাই ৰাইজক মনোৰঞ্জন দিয়ে ।

আন এগৰাকী বিশেষ ভাৱে সক্ষম মানিক বৰদলৈয়েও ভূপেন্দ্ৰ সংগীত  'মদাৰৰে ফুল হেনো কামে-কাজে নালাগে ' আৰু " বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে' শীৰ্ষক ভূপেন্দ্ৰ সংগীত দুটি' পৰিবেশন কৰি ৰাইজক মনোৰঞ্জন দিয়ে ।অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেণ চন্দ্ৰ কলিতাই সঞ্চালনা কৰা অনুষ্ঠানটোত আঁতধৰে গৌৰাঙ্গ চৌধুৰীয়ে।নিৰ্দিষ্ট বক্তা সাহিত্য-সংস্কৃতিৰ সাধক প্ৰহ্লাদ বড়োই একেষাৰে জনাৰ্দ্দন বড়োক সমাজলৈ আগবঢ়াই অহা অবদানৰ বাবে প্ৰশংসা কৰে।

নিৰ্দিষ্ট বক্তাগৰাকীয়ে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে ভাষণত উল্লেখ কৰি গাঁৱৰ চহা শিল্পীৰ অৱদান আৰু জীৱনত শিক্ষকৰ লগতে পিতৃ-মাতৃৰ অৱদানৰ বিষয়েও বহলাই কয়। আন এগৰাকী নিৰ্দিষ্ট বক্তা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ প্ৰানেশ্বৰ নাথে ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু শিক্ষকক দিৱসৰ তাৎপৰ্যৰ লগতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃ কেনেদৰে শ্ৰেষ্ঠ ব্যক্তি হয় সেই বিষয়েও বাখ্যা কৰে ।ইয়াৰ উপৰিও জনাৰ্দ্দন বড়োৰ প্ৰচেষ্টাক শলাগ লয় ।

অনুষ্ঠানত শিক্ষকক জনোৱা সম্বৰ্ধনাৰ বাবে তেওঁ নিজেই গৌৰৱ অনুভৱ কৰা বুলি কয় । অনুষ্ঠানত আন এগৰাকী নিৰ্দিষ্ট বক্তা দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ললিত চন্দ্ৰ ৰাভায়ো বক্তৃতা প্ৰদান কৰে ।