agrani khabar
agrani khabar  
অসম

ডিগবৈত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ফিল’বাৰীঃ ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰীৰ বালিজানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ ৷ সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ে একাংশ লোকৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰে সভাস্থলী ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি থকাৰ সময়তে সভাৰ পিছফালে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ অসম মালা আঁচনিৰ অধীনত ডিৰাকৰ পৰা ৰহবাৰী চাৰিআলিকৈ পথ নিৰ্মাণৰ সময়ত একাংশ লোকে এবছৰেও ক্ষতিপূৰণ লাভ নকৰাত এনেদৰে মুখ্যমন্ত্ৰীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণসহ চাৰিজনক প্ৰতিবাদস্থলীৰ পৰা আটক কৰে ৷