অসম

ডিগবৈত ৪৪ সংখ্যক সদৌ অসম যোগাসন চেম্পিয়নশ্বিপ -২০১৯ প্ৰতিযোগিতা সম্পন্ন

asomiyapratidin

ডিজিটেল সংবাদ, ডিগবৈঃ ডিগবৈত তিনিচুকীয়া জিলা যোগ ক্ৰীড়া সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৪৪ সংখ্যক সদৌ অসম যোগাসন চেম্পিয়নশ্বিপ -২০১৯ প্ৰতিযোগিতাখন মঙলবাৰে নিশা ১১ বজাত অন্ত পৰে। এইবাৰ প্ৰতিযোগিতাত "অসম যোগ কুমাৰ-২০১৯" সন্মান শিৱসাগৰৰ ক্ৰীবিক্ৰম গগৈ আৰু যোগ কুমাৰীৰ সন্মান কামৰূপ (মেট্ৰ')ৰ জেনিফা এৰিন আহমেদে লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত ৮ বছৰ বয়সৰ তলৰ ল'ৰাৰ শাখাত তিনিচুকীয়াৰ শ্ৰেয়া নাথে সোণৰ, শিৱসাগৰৰ সম্ভানী কাশ্যপে ৰূপৰ আৰু ময়ূৰী দেয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।

ল'ৰাৰ শাখাত ধনশিৰিৰ ৰূপান্তৰ প্লাৱন বৰাই প্ৰথম, শিৱসাগৰৰ নীল নিজান দত্তই দ্বিতীয় আৰু তিনিচুকীয়াৰ উদ্বীত দেৱনাথে তৃতীয় স্থান লাভ কৰে। ৮-১৩ বছৰ বয়সৰ ভিতৰত ছোৱালী শাখাত কামৰূপৰ জেনিফা এৰিন আহমেদে প্ৰথম, কুঁহি ডেকাই দ্বিতীয়, তৃতীয় স্থান লাভ কৰে তিনিচুকীয়াৰ প্ৰত্যুষা শ্যামলী গগৈ আৰু শিৱসাগৰৰ প্ৰীয়া বুঢ়াগোহাঁইয়ে। ল'ৰাৰ শাখাত শিৱসাগৰৰ ক্ৰীবিক্ৰম গগৈয়ে প্ৰথম, সমীৰণ চেতিয়াই দ্বিতীয়, নাজিৰাৰ দ্বীপজ্যোতি বৰুৱা আৰু কামৰূপ মেট্ৰ'ৰ ত্ৰিদীপ কুমাৰ বৰ্মনে তৃতীয় স্থান লাভ কৰে।

১৩-১৮ বছৰ বয়সৰ ভিতৰত ছোৱালী শাখাত শিৱসাগৰৰ জিজ্ঞাশ্ৰী বৰুৱাই প্ৰথম, হিমাংগীনি গগৈয়ে দ্বিতীয়, ডিব্ৰুগড়ৰ তামান্না বৰুৱা আৰু কামৰূপৰ স্নেহাশিখা দাসে তৃতীয় স্থান লাভ কৰে। ল'ৰাৰ শাখাত শিৱসাগৰৰ তুলতুল বৰুৱাই প্ৰথম, কাছাৰৰ আশীফ ইকবাল বাৰভূঞাই দ্বিতীয় আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে কামৰূপৰ অভিনৱ মজুমদাৰ, চুমীত দে'য়ে। ১৮ – ২৫ বছৰ বয়সৰ ছোৱালী শাখাত শিৱসাগৰৰ পৰিস্মীতা চাংমাই প্ৰথম, তিনিচুকীয়াৰ শুভাঙ্গী নাথে দ্বিতীয় আৰু যোৰহাটৰ সুদেষ্ণা প্ৰিয়া পাঠকে তৃতীয় স্থান লাভ কৰে।

ল'ৰাৰ প্ৰণৱ চাংমায়ে প্ৰথম, কামৰূপৰ প্ৰৱণ বুঢ়াগোহাঁইয়ে দ্বিতীয়, তৃতীয় স্থান লাভ কৰে কাছাৰৰ অভিলাষ কুমাৰ সিঙে। ২৫-৩৫ বছৰ বয়সৰ মহিলা শাখাত কৰিমগঞ্জৰ শিল্পা চক্ৰৱৰ্তীয়ে প্ৰথম, শিৱসাগৰৰ ময়ূৰী গগৈয়ে দ্বিতীয় আৰু বন্তি শইকীয়াই তৃতীয় স্থান লাভ কৰে। ল'ৰাৰ শাখাত যোৰহাটৰ বিশ্বজ্যোতি দাসে প্ৰথম, কাছাৰৰ বিধান দেয়ে দ্বিতীয়, শিৱসাগৰৰ নয়ণ গোঁহাই, পৰাগ জ্যোতি চাংমায়ে তৃতীয় স্থান লাভ কৰে।

৩৫ – ৫০ বছৰ বয়সৰ মহিলা শাখাত কামৰূপৰ জাফ্ৰিণ হাজৰিকাই প্ৰথম, দ্বিতীয় স্থান তিনিচুকীয়াৰ নিৰু প্ৰধানে আৰু তৃতীয় স্থান লাভ কৰে তিনিচুকীয়াৰ সাৰস্বত মহাজন, শিৱসাগৰৰ শেৱালী দত্তই। পুৰুষ শাখাত প্ৰথম ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে প্ৰথম, কাছাৰৰ শ্যামল দাসে দ্বিতীয়, শিৱসাগৰ জ্ঞানদ্বীপ শইকীয়া আৰু ধনশিৰিৰ তপন বৰাই তৃতীয় স্থান লাভ কৰে। ইপিনে ৫০ বছৰ বয়সৰ ওপৰৰ মহিলা শাখাত কামৰূপৰ জোন ডেকাই প্ৰথম, জয়শ্ৰী দত্তই দ্বিতীয়, কৰিমগঞ্জৰ সুমনা পল আৰু কামৰূপৰ কবিতা ভট্টয়ে তৃতীয় স্থান লাভ কৰে।

পুৰুষ শাখাত তিনিচুকীয়াৰ প্ৰসন্ন বৰগোহাঁইয়ে প্ৰথম, অজিত দেৱ নাথে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে মনিনদ্ৰ শৰ্মাই। উল্লেখ্য যে, ৰাজ্যৰ প্ৰায়বিলাক জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খন উদ্বোধন কৰে আই অ' চি এল মেডিকেলৰ ডি জি এম ড° বিভাস দাসে। অনুষ্ঠানত সন্থাৰ বিষয় ববীয়া সকলৰ লগতে বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

প্ৰতিযোগিতাৰ মাজতে উদ্যোক্তা সকলে দিগন্ত শইকীয়া, তপন নাথ, স্বপ্না দেৱ নাথ, সুজিত নাথ, অনন্ত ৰাজকোঁৱৰ, দিপাংকৰ দেৱনাথকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। লক্ষ্যনীয় যে, উক্ত প্ৰতিযোগিতাৰ মাজতে উদ্যোক্তা সকলৰ অনুমতি সাপেক্ষে ডিব্ৰুগড় সাংবাদিক প্ৰদীপ গগৈ আৰু যোগবিদ, ফটো সাংবাদিক জগদীশ ভৰালীয়ে উপস্থিত দৰ্শকৰ পৰা ৰাজ্যৰ বানাক্ৰান্তৰ বাবে অৰ্থ সাহায্য সংগ্ৰহ কৰে। উপস্থিত ৰাইজে বিপুল সঁহাৰি জনাই বানাক্ৰান্তৰ বাবে স্ব-ইচ্ছাই সাহায্য আগবঢ়ায় মানৱীয়তাৰ ছবি দাঙি ধৰে।