অসম

ৰহাৰ ডিমৌৰ উদ্যমী যুৱক দিগন্ত পাটৰে দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী…

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ কোৰোনা ভাইৰাছৰ ফলত দেশত লকডাউন চলি থকাত স্বাভাৱিকতেই একাংশ মানুহ বিপদত পৰিছে। বিশেষকৈ নিতৌ দিনহাজিৰা কৰি চলা লোকসকলৰ মাজত খাদ্যসংকটে দেখা দিছে। কিন্তু এই সংকটৰ সময়ত বহুজনেই আৰ্তজনক বিলাইছে খাদ্যসামগ্ৰী। দিছে মানৱতাৰ পৰিচয়।

ৰহাতো বিভিন্ন হৃদয়বান লোকে দৰিদ্ৰজনক যোগান ধৰিছে খাদ্যবস্তু। দেওবাৰে ৰহাৰ দেওবালি জাকৰুৱাত ৰহাৰ ডিমৌৰ এজন উদ্যমী যুৱক দিগন্ত পাটৰে প্ৰায় ৬০/৭০টা পৰিয়ালৰ মাজত বিলালে খাদ্য সামগ্ৰী।

দেওবালি অঞ্চলৰ দৰিদ্ৰ পৰিয়ালকেইটাক দেওবাৰে উদ্যমী যুবকজনে চাউল, আটা, দাইল, আলু, তেল, নিমখ আদি সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়াৰ লগতে পাটৰৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।