অসম

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ চতুৰ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস, সমাজসেৱীকা শান্তি গগৈসহ ৫ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা…

asomiyapratidin


ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিকমৰ পৰা খোৱাঙৰ লৈকে কৰ্মৰত সাংবাদিক সকলক লৈ গঠিত ডিব্ৰুগড়ৰ সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ চতুৰ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ সভাপতি মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি কেক কাটে বিশিষ্ট লেখক, প্ৰকাশক, অধ্যাপক বীৰেণ বৰুৱাই।

১৪ আগষ্ট দিনটো ডিব্ৰুগড়ৰ সংবাদ জগতৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে তেওঁ। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি প্ৰতিষ্ঠাপক সভাপতি তথা সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি ৰাজীৱ বৰগোহাঞিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি প্ৰতিষ্ঠা কালৰে পৰা সংবাদ ক্ষেত্ৰ আৰু সাংবাদিক সকলৰ বিভিন্ন দিশৰ লগতে সমাজ, সংস্কৃতি, ক্ৰীড়া আদিৰ ক্ষেত্ৰতো বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে ধাৰাবাহিক ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা, জ্যেষ্ঠ সাংবাদিক, অসম চৰকাৰৰ সাংবাদিক পেঞ্চন প্ৰাপ্ত ইকবাল আহমেদে সাংবাদিক সংগঠন হিচাপে সাংবাদিক সকলৰ বিভিন্ন সুবিধা-অসুবিধাৰ ক্ষেত্ৰত মাত-মাতি অহাৰ লগতে অতি কম দিনৰ ভিতৰতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ মঞ্চৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি যোগাবলৈ সক্ষম হৈছে বুলি কয়।

বৰ্তমান সাংবাদিক সকলৰ ক্ষেত্ৰত মালিক পক্ষৰ শোষণ সন্দৰ্ভত তেওঁ সাংবাদিক সংগঠন সমূহেও ঐক্যবদ্ধভাৱে এই মাত মাতি আহিব লাগিব বুলি কয়। ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ক্লাবৰ অন্যতম শুভাকাংক্ষী তথা বিশিষ্ট সমাজসেৱক ডিব্ৰুগড়ৰ ডাইমণ্ড ক্লাবৰ জাভেড আখটাৰ খান, সাংবাদিক, সমাজকৰ্মী বিশিষ্ট ব্যৱসায়ী অৰুণ জৈন, শান্তনু দত্ত আৰু নিলাঞ্জন ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সভাত কাৰ্যকৰী সভাপতি আদিত্য শইকীয়া, প্ৰতিষ্ঠাপক সদস্য তথা জেষ্ঠ সাংবাদিক চন্দন ফুকন, বিভাস দুৱৰা, যুৱনেতা পৰাগ দত্ত আদি উপস্থিত থাকে। মুক্তামণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই যাদৱ গগৈয়ে। ইফালে বুধবাৰৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ঠা সমাজ সেৱিকা তথা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈক তেঁওৰ বাসগৃহত প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোঁহাইৰ নেতৃত্বত যোৱা মুক্তামনি হাজৰিকা, বিভাস দুৱৰা, জগদীশ ভৰালী, সন্তোষ যাদবসহ এক প্ৰতিনিধি দলে এখন চেলেং চাদৰ, এখন ফুলাম গামোচা, এখন সৰ্ম্বধনা পত্ৰ আৰু ক্লাবৰ এক স্মাৰকৰে সৰ্ম্বধনা জনাই তেখেতৰ সুস্বাস্থ্য কামনা কৰে।