ডিব্ৰুগড়

বজাৰ-পথাৰ দখলৰ দিশত ডিব্ৰুগড়ৰ জকাইৰ যুৱক...

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড় : যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে ডিব্ৰুগড়ৰ জকাই মহমাৰী গাঁৱৰ আদেশ ঘাটোৱাৰ নামৰ এজন যুৱকে জৈৱিক কৃষি কৰ্ম আৰু জাৰ্চি গাই পালনেৰে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিছে।

যাৰ বাবে আন দহজন যুৱকৰো আদৰ্শ স্বৰূপ হৈ পৰিছে যুৱকজন। সৰুৰে পৰা পথাৰত হাল বাই স্নাতক ডিগ্ৰী লৈ কলেজীয়া জীৱন পাৰ কৰা আদেশ ঘাটোৱাৰে চৰকাৰী চাকৰিলৈ আশা নকৰি ঘৰতে জাৰ্চি গৰু পালন কৰাৰ লগতে ভূত জলকীয়া, তিয়হ, তিতা কেৰেলা খেতি কৰি পৰিয়ালৰ সদস্যসকলক ভৰণ-পোষণ দিয়াৰ লগতে আন নিবনুৱাকো সংস্থাপন প্ৰদান কৰি আহিছে।

সেয়ে এজন আদৰ্শবান কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আদেশ ঘাটোৱাৰ। জীৱনৰ কোনো সু-কৰ্মত এবাৰ বিফল হ'লে হতাশ বা নিৰাশাগ্ৰস্ত নহৈ এশ বাৰ অপ্ৰাণ চেষ্টা কৰিবলৈ যুৱ প্ৰজন্মক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনালে আদেশ ঘাটোৱাৰে।