ডিব্ৰুগড়

টেঙাখাতত অন্তিমবাৰৰ বাবে নেতা-পালিনেতাৰ নিৰ্বাচনী প্ৰচাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,টেঙাখাতঃ বুধবাৰে আবেলি ৫ বজাত ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰে। এই প্ৰাকক্ষণলৈ ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনৰ টেঙাখাতত ৰাজনৈতিক দল সমূহে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখে। আজি পুৱাৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ দলীয় কৰ্মীয়ে ব্যাপক প্ৰচাৰ কাৰ্য চলায়।

টেঙাখাতত বিজেপি টেঙাখাত মণ্ডলৰ সভাপতি প্ৰিয়নাথ চেতিয়া,ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈৰ নেতৃত্বত বহু সংখ্যক দলীয় নেতা-কৰ্মী সমবেত হৈ দলীয় পতাকা লৈ বাইক ৰেলী আৰম্ভ কৰে। বিজেপি জিন্দাবাদ,ভাৰত মাতা কি জয়,পদুম ফুলত ভোট দিয়ক আদি শ্ল'গানেৰে তেওঁলোকে কেইবাটাও দলত ভাগ হৈ অঞ্চলটোৰ বিভিন্ন গাঁৱে গাঁৱে বাইক ৰেলী কৰে। অন্যহাতে আম আদমি পাৰ্টীৰ প্ৰাৰ্থীৰ হৈ তথা বিৰোধী মিত্ৰজোঁটৰ এজেপি প্ৰাৰ্থীৰ হৈ নেতা কৰ্মীসকলে অন্তিম দিনা আবেলি ৫ বজালৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ।