ডিব্ৰুগড়

চাবুৱাত ধুমুহা, শিলাবৃষ্টিঃ বিস্তৰ ক্ষতিসাধন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত বিগত দুটা দিনত ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সমান্তৰালভাবে উজনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা, শিলাবৃষ্টিৰ পৰিলক্ষিত হৈছে । শনিবাৰে নিশা কেইবাখনো ঠাইৰ লগতে চাবুৱাতো বিধ্বংসী ধুমুহা, শিলাবৃষ্টি হয় । বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধনৰ খবৰ আহিছে ।

শেহতীয়া খবৰ অনুসৰি অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ লগতে হোটেল ধাবা আদি ধুমুহাই তচনচ কৰিছে । ধুমুহা, শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ বিস্তৰ ক্ষতি সাধন হৈছে । ধুমুহাত বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে । লগতে যাতায়ত ব্যাহত হৈ পৰিছে ।