ডিব্ৰুগড়

টেঙাখাতৰ পৰা লুৰীণজ্যোতি গগৈক লৈ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,টেঙাখাত : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো ৩দিন বাকী। এনে সময়তে বৃহত্তৰ টেঙাখাত অঞ্চলত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতে মঙলবাৰে দিনৰ প্ৰায় ১-৩০ বজাত অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক লৈ ৫শতাধিক মটৰ চাইকেলেৰে টেঙাখাতৰ পৰা আৰম্ভ কৰি টিংৰাই চাৰিআলি হৈ সমগ্ৰ দুলিয়াজান বিধানসভা সমষ্টিত এক ৰেলী বাহিৰ কৰা হয়। অসম জাতীয় পৰিষদৰ পতাকা,কংগ্ৰেছৰ পতাকা, ৰাইজৰ দলৰ পতাকা লৈ লুৰীণজ্যোতি গগৈ আৰু ৰাহুল গান্ধীৰ ফটোসম্বলিত ফেষ্টুন এই ৰেলী বাহিৰ কৰে।

বাইক ৰেলীৰ মাজতে টিংৰাই চাৰিআলিত লুৰীণজ্যোতি গগৈয়ে ৰাইজক সম্বোধন কৰি চমু ভাষণ প্ৰদান কৰে। লগতে কিঞ্চিত পদযাত্ৰাও কৰা পৰিলক্ষিত হয় ।