ডাঃ সৰিতা তছনিৱালৰ হত্যাকাৰীৰ শাস্তি ঘোষণা ন্যায়ালয়ৰ...
ডাঃ সৰিতা তছনিৱালৰ হত্যাকাৰীৰ শাস্তি ঘোষণা ন্যায়ালয়ৰ...  
ডিব্ৰুগড়

ডাঃ সৰিতা তছনিৱালৰ হত্যাকাৰীৰ শাস্তি ঘোষণা ন্যায়ালয়ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম মেডিকেল কলেজ হাস্পতালৰ আই চি ইউ কক্ষত হত্যাৰ বলি হোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীক আজি শাস্তি ঘোষণা কৰিলে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে। ৮ বছৰ পূৰ্বে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ সন্দৰ্ভত দুজন ব্যক্তিক অভিযোক্ত কৰা হৈছিল যদিও এ এম চি এইছৰ ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত কৰা হয়। আৰু আনজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰা হয়।

এই গুৰুতৰ অপৰাধাৰ বাবে কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। উল্লেখ্য যে, বহু চৰ্চিত ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড সংঘটিত হৈছিল ২০১৪ ৰ ৯ মে’ত। অসম মেডিকেল কলেজ হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত চিকিৎসা মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ডাঃ সৰিতা তছনিৱালক নৃশংসভাৱে হত্যা কৰা হৈছিল।

ডাঃ সৰিতাৰ মৃতদেহ উদ্ধাৰ হৈছিল আই চি ইউৰ বিচনাত শুৱাই থোৱা অৱস্থাত। সৰিতাৰ মৃতদেহত দেখা গৈছিল তেওঁৰ ডিঙিত সোমাই আছিল অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰা ছুৰী।

আনহাতে এই হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা কিৰো মেছৰ ডিঙিতো আছিল আঘাতৰ চিন। সেয়ে তেওঁক আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনাৰ অধিক তদন্ত কৰি কিৰো মেছৰ শহুৰেকৰ ঘৰৰ পৰা জব্দ কৰিছিল ডাঃ সৰিতাৰ তছনিৱালৰ মোবাইল ফোনটো।

তাৎপৰ্যপূৰ্ণ ভাৱে এই হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল একেখন চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক দীপমণি শইকীয়াৰ। অৱশ্যে আদালতে তেওঁক দোষমুক্ত কৰে। ডাঃ সৰিতাৰ মৃত্যুৰ পাছত তেওঁৰ মোবাইলৰ ফোনৰ কল ৰেকৰ্ডৰ ভিত্তিত দীপমণি শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।