অসম

ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বুধবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই যুৱ দিৱসত বিভিন্ন কাৰ্যসূচীৰে ৯ আগষ্টত এখন তৰ্ক প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

সেইদিনাই ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নাহৰকটীয়া কলেজত এই ৰচনা প্ৰতিযোগিতা আৰু ডিব্ৰুগড়ৰ মনোহাৰী কানৈ মহিলা মহাবিদ্যালয়ত আকস্মিক বক্তৃতাৰ আয়োজন কৰা হৈছে।

১২ আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসত অন্তিম দিনাৰ কাৰ্যসূচীত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশ ল'ব।