অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ উজনি অসমৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনাৰ সৃষ্টি হৈছে। নিৰ্বাচনত সাধাৰণ সম্পাদক পদত অৱতীৰ্ণ হোৱা শ্যামসুন্দৰ ভূঞা নামৰ এজন ছাত্ৰৰ বিৰুদ্ধে বিৰোধী পক্ষই আবেদন পত্ৰৰ বৈধতাক লৈ অভিযোগ দাখিল কৰাৰ পাছতেই সৃষ্টি হৈছে ৰহস্যৰ।

প্ৰণিধানযোগ্য যে, বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সংবিধানত উল্লেখ আছে যে, নিৰ্বাচনত অৱতীৰ্ণ হোৱা এজন প্ৰাৰ্থীয়ে পৰীক্ষাৰ মাৰ্কছিটৰ পৰিবৰ্তে সংশ্লিষ্ট বিভাগ বা কেন্দ্ৰৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ এখন গাঁঠি দিলে ছাত্ৰজন শৈক্ষিক দিশৰ পৰা নিৰ্বাচন খেলিবৰ বাবে উপযুক্ত বিবেচিত হয়।

কিন্তু অভিযোগকাৰী পক্ষই মাৰ্কছিট জমা নিদিয়াৰ বাবেই ছাত্ৰজনৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ যি দাবী তুলিছে সেয়া সম্পূৰ্ণ একপক্ষীয় আৰু অগণতান্ত্ৰিক বুলি শ্যাম সুন্দৰ ভূঞাৰ সমৰ্থক সকলে প্ৰকাশ কৰিছে। তদুপৰি তেওঁলোকে বিশ্ববিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিছে। আৰু তেওঁলোকে প্ৰকাশ কৰিছে যে ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ বাহাল ৰাখিব।