অসম

‘ৰুদ্ৰশিখা’ৰ যোগেদি দ্বিতীয় অসম আন্দোলনৰ ঘোষণা আছুৰ নেতৃত্বত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃনাগৰিকত্ব সংশোধনী বিধেয়ক কেবিনেটত গৃহীত হোৱাৰ লগে লগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ কৰিছে। বিশ্ববিদ্যালয়ৰ আছু গোটৰ আহ্বানত ছাত্ৰ একতা সভা, ডিব্ৰুগড়ৰবাসী ৰাইজৰ সহযোগত জোৰ লৈ পাঁচ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী তথা ডিব্ৰুগড়ৰ বাসী ৰাইজে প্ৰতিবাদ কৰে।

বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰবেশদ্বাৰ 'জ্যোতি বাটচৰা' সন্মুখৰ পৰা এই যাত্ৰা চহৰৰ মাজত মজিয়াত অন্ত পৰে। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ উদ্দীপজ্যোতি গগৈৰ ঘোষণা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি দ্বিতীয় অসম আন্দোলনৰ আৰম্ভণি কৰিছোঁ।

এই কাৰ্যসূচীত সমগ্ৰ ডিব্ৰুগড়ৰ ৰাইজ স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ কৰে। লগতে দেওবাৰৰ পৰা অধিক কঠোৰ আন্দোলনৰ হ'ব বুলি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী, ডেভিড হাজৰিকাৰ লগতে উত্তৰণ গোস্বামীয়ে কয়।

এই কাৰ্যসূচীত আছুৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি বুলবুল দত্তৰ লগতে বহু সংখ্যক আছু নেতা উপস্থিত থাকি চৰকাৰৰ বিৰুদ্ধে বিধেয়ক বাতিলৰ দাবী তোলে।