অসম

বানপীড়িতসকলৰ সহায়ৰ অৰ্থে ডি ইউ আৰ এছ এৰ উদ্যোগত ‘সুৰ সমলয়’

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সংস্থা (DURSA)ৰ উদ্যোগত বুধবাৰে প্ৰায়োগিক ভূ-তত্ত্ব বিভাগৰ গৱেষক হিমশেখৰ বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক দেৱাশীষ নাথৰ পৰিচালনাত ডিব্ৰুগড় বিশ্ববিদ্যালয় বজাৰৰ প্ৰাংগণত বানপীড়িতসকলৰ সাহায্যাৰ্থে এটি 'সুৰ সমলয়' অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানটিত গৱেষক সংস্থাৰ অন্যান্য সদস্যসকলৰ সৈতে বিশ্ববিদ্যালয়খনৰ ছাত্র ত্ৰিবোজ্বল প্ৰকাশ, গৱেষক মানস নিৰ্মলীয়া, ৰশ্মি বৰুৱা, মুনমী হাজৰিকা, চয়নিকা চেতিয়া, গীতিৰেখা দত্ত, কমলাক্ষী কল্যাণী চৌধুৰী, জ্ঞানশ্ৰী বড়া, বৰ্ণালী শইকীয়া, প্ৰান্তিকা নাথ, চন্দনজ্যোতি চুতীয়া, ৰাজজ্যোতি গগৈ, ৰণদ্বীপ বৰাৰ লগতে বিশ্ববিদ্যালয়ৰ উপকণ্ঠ অঞ্চলৰ কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। তাৰ ভিতৰত আছিল ক্ৰমে- ৰাজা পায়েং, ৰাজীৱ নাথ, জিতুল সোণোৱাল, স্বপ্নীল আগস্থী আৰু অনুৰাগ দাসে অংশগ্ৰহণ কৰে।

মন কৰিবলগীয়া যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে 'সুৰ সমলয়' অনুষ্ঠানৰ জৰিয়তে বান সাহায্য সংগ্ৰহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটিয়ে জনসাধাৰণৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

সকলোৱে নিজৰ সাধ্যানুসাৰে বানপীড়িতসকলৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে খোৱা পানী, আন আন খাদ্য সামগ্ৰীও প্ৰদান কৰে।

গৱেষক সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন নায়ক আৰু সভাপতি ৰণদ্বীপ বড়াই অৱগত কৰে যে অনাগত দিনত সংস্থাটিয়ে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি সংগৃহীত সামগ্ৰীসমূহ অতি সোনকালেই বিভিন্ন ঠাইৰ বানপীড়িত লোকসকলক প্ৰদান কৰিব।

কোনো সদাশয় ব্যক্তিয়ে যদি যিকোনো ধৰণৰ সহায় আগবঢ়াব বিচাৰে তেন্তে ৬০০০৪৮৪৮৫৪, ৮১৩৩৯৬২৫৮০, ৯৭০৬৮০৩৪৩২, ৮৬৩৮৪৮৫৯৭৭, ৯৭০৬৭০৬০৯২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।