Dibrugarh
Dibrugarh 
অসম

ডিব্ৰুগড়ত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ...

Asomiya Pratidin

প্ৰতিদিন সেৱা, নামৰূপ : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য ও অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন আৰু আইন তথা ন্যায় আদি বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৃহস্পতিবাৰে  জিলা পুথিভঁৰালত প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকললৈ আনুষ্ঠানিকভাৱে স্কুটী আৰু ছিলিং ফেন বিতৰণ কৰে।

পুথিভঁৰাল প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী আৰু ছিলিং ফেন বিতৰণ কৰা হয়। গুৰুত্বপূৰ্ণ যে ডিব্ৰুগড় জিলাত  সৰ্বমুঠ ৬৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে স্কুটী আৰু চিলিং ফেন লাভ কৰা ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে আৰু উল্লেখ কৰে যে আজিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত সকলো ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ প্ৰচেষ্টা কৰা উচিত আৰু ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমৰ আৱশ্যক।

তেখেতে মন্তব্য প্ৰদান কৰে যে অধ্যয়ন আৰু মেধাৰ‌ প্ৰতিমূৰ্তি ড০ বাণীকান্ত কাকতি আছিল অধ্যয়নশীল ভাষাবিদ, গৱেষক, সমালোচক আৰু মেধাৰ প্ৰকৃত উদাহৰণ। মন্ত্ৰী গৰাকীয়ে ড০ বাণীকান্ত কাকতিৰ জীৱনৰ ওপৰত বিশদভাৱে বক্তব্য ৰাখে  আৰু আহ্বান কৰে সকলো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নত লিপ্ত হৈ নিজৰ জীৱনত আগবাঢ়ি যাওক। উক্ত কাৰ্যসূচীৰ  পিছতে ডিব্ৰুগড়ৰ বাণীপুৰৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠান, সম্প্ৰসাৰণ কেন্দ্ৰৰ চৌহদত এটি প্ৰশিক্ষণ ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানত ভাষণ প্ৰসংগত মহামানৱ মহাত্মা গান্ধীয়ে উক্তি উত্থাপন কৰি কয়  যেতিয়ালৈকে গাঁও সমূহৰ বিকাশ নহয় তেতিয়ালৈকে ভাৰতবৰ্ষৰ বিকাশ সম্ভৱ নহয়। তেওঁ মন্তৱ্য কৰে যে গ্ৰাম্য সমাজৰ বিকাশৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰাম্য বিকাশক বিশেষভাৱে গুৰুত্ব দিছে। বিশ্ব অৰ্থনীতিত ভাৰতবৰ্ষৰ স্থান পঞ্চম যদিও  প্ৰথম স্থান লাভ কৰিবলৈ সকলোৱে প্ৰচেষ্টা কৰা উচিত বুলি আহ্বান জনায়।

এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পদক্ষেপ অৱলম্বন কৰিছে বুলিও বক্তব্য উল্লেখ কৰে লগতে কয় এই ক্ষেত্ৰত সঠিক আৱশ্যকীয় প্ৰশিক্ষণ প্ৰদান কৰিলেহে গাঁৱৰ জনসাধাৰণক আগুৱাই নিব পৰা যাব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণক ১ কৌটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই সম্প্ৰসাৰণৰ পদক্ষেপ লোৱা হৈছে। মন্ত্ৰীজনে উল্লেখ কৰে এতিয়া কৰ্ম সংস্কৃতিৰ পৰিৱৰ্তন হৈছে আৰু আঁচনি ইত্যাদিৰ কাম ত্বৰান্বিত কৰিবলৈ সকলোৱে পদক্ষেপ অৱলম্বন কৰিব লাগিব।

সভাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই উল্লেখ কৰে যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সাতটা উন্নয়ন খণ্ড আৰু দুয়োখন জিলাৰ প্ৰশিক্ষণৰ বাবে Extension Training Centre নিৰ্মাণ কৰা হৈছে । উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষলৈকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ‌ যোগে ১৩ হেজাৰ লৈকে পৰীক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

আজিৰ দুয়োটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অভিভাৱক মন্ত্ৰীসহ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা, লাহোৱালৰ বিধায়ক  বিনোদ হাজৰিকা, ঋতুপৰ্ণাবৰুৱা, ডিব্ৰুগড় উপায়ুক্ত বিশ্বজিৎ পেগু জিলা পৰিষদৰ সভানেত্ৰী ডেইজী শ্বায়ম, বিশিষ্ট সমাজকৰ্মী  উজ্জ্বল গগৈ, জিলা উন্নয়ন প্ৰাধিকাৰণ সভাপতি অসীম হাজৰিকাকে প্ৰমুখ্যে কৰি বহুতো উচ্চ পদস্থ বিষয়াববীয়া উপস্থিত থাকে।