অসম

ডিব্ৰুগড়ৰ জকাই আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ মইমতালি

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড় : ডিব্ৰুগড়ৰ জকাই আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ মইমতালিয়ে চকু কপালত তুলিছে জকাই অঞ্চলৰ ৰাইজৰ।সময়ত উপস্থিত নাথাকে চিকিৎসক।

জকাই অঞ্চলৰ ৩৩ খন গাওঁ সামৰি স্থাপিত হোৱা চিকিৎসালয় খনৰ চিকিৎসক সকলে এতিয়া ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে।অন কেমেৰা দায়িত্ব সম্পন্ন চিকিৎসক স্মিতা গোহাঁইক চিকিৎস্যালায়ৰ ভাৰপ্ৰাপ্ত বিষয়াই ধমক দিয়াৰ পিছতহে চিকিৎসালয়ত উপস্থিত হয়হি।

নিজৰ কৰ্তব্যলৈ আহি ৰোগীক চিকিৎসা কৰাৰ পৰিৱৰ্তে আৰক্ষী প্ৰশাসন মাতি ৰোগীক ভাবুকি প্ৰদান কৰা এনে চিকিৎসকে কি সেৱা আগবঢ়াব তাক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে।ইতিমধ্যে টাই আহোম যুৱ পৰিষদ অসম আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জকাই আঞ্চলিক সমিতিয়ে এনে দাম্ভিক চিকিৎসকৰ ওপৰত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।