অসম

জাতিৰ সংকটকালত অগপ ব্যস্ত ন-খোৱাতঃ ডিব্ৰুগড়ত কি হ’ল চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে সকলো লোক ৰাজপথলৈ ওলাই আহিছে। পিছে জাতীৰ সংকটকালত ন-খোৱা ভোজৰ আয়োজনত ব্যস্ত ডিব্ৰুগড় জিলা অসম গণ পৰিষদ। ডিব্ৰুগড়ত দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপক প্ৰতিবাদ কৰিবলৈ আহ্বান জনাবলৈ গৈ ক্ষোভিত হৈ পৰিল জিলা আছুৰ সদস্যসকল।

যাৰ বাবে অগপৰ কাৰ্যালয়ত সেই সময়ত থকা লোকসকলৰ সৈতে আছু সদস্যৰ হতাহতি হয়। হতাহতিয়ে এনে ৰূপ পায়গৈ যে, আছুৰ সদস্যসকলে অগপৰ কাৰ্যালয়ৰ বিভিন্ন আচবাবো লণ্ডভণ্ড কৰে। আছুৰ সদস্যসকলে বিধেয়কখনৰ বিৰুদ্ধে অগপক থিয় হবলৈ আহ্বান জনাবলৈ যোৱাৰ সময়তে হোৱা হতাহতিৰ অন্তত একাংশ প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰিলে দলটোৰ কাৰ্যালয়ৰ বিভিন্ন আচবাব।

প্ৰতিবাদকাৰীসকলে বহু সময় ধৰি অগপৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, দেওবাৰে ডিব্ৰুগড় জিলা অগপৰ কাৰ্যালয়ত ন-খোৱা ভোজৰ আয়োজন হোৱাক লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন কথাৰে থকা-সৰকা কৰে অগপৰ নেতৃত্বক। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীসকলে উত্তপ্ত কৰি তোলে দলটোৰ কাৰ্যালয়ৰ চৌহদ।

ইফালে শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠিত অসম গণ পৰিষদ দলৰ নেতাসকলক কটাক্ষ কৰি দলটোৰ যিসকল তৃণমূল কৰ্মীয়ে বিধেয়কখন বিৰোধ কৰে তেওঁলোকক মুকলিকৈ ওলাই আহিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে।

ইফালে নিশাৰ ভাগলৈ ৮গৰাকী প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আব্দুল চাত্তাৰ, কাৰ্য নিৰ্বাহক সদস্য ৰাজা গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী, প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকাৰ লগতে ৮গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে।