অসম

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন, ৯ গৰাকী সাংবাদিকক সম্বৰ্ধনা

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি আজি ক্লাবৰ ডিব্ৰুগড়ৰ সংবাদ ক্ষেত্ৰৰ সতে জড়িত ৯ গৰাকী বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়‌। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা তথা ক্লাবৰ সভাপতি মনজিৎ বৰাৰ সভাপতিত্বত আনুষ্ঠিত হোৱা সভাত সম্বৰ্ধনা জনোৱা হয় দীৰ্ঘদিন সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ সমাজলৈ বৰঙণি যোগাই অহা এইকেইগৰাকী বিশিষ্ট সাংবাদিকক।

সম্বৰ্ধনা জনোৱা সাংবাদিককেইগৰাকী হৈছে জ্যেষ্ঠ সাংবাদিক তথা লেখক ভূষণ জ্যোতি সন্দিকৈ, স্বচ্ছতাৰ ক্ষেত্ৰত অতি সচেতনতাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা স্বাধীনতা দিবসত সম্বৰ্ধিত হোৱা জ্যেষ্ঠ সাংবাদিক তথা টাইমছ অব ইণ্ডিয়াৰ সাংবাদিক ৰাজীৱ দত্ত, নিউজ লাইভৰ শ্ৰেষ্ঠ সাংবাদিকতা বটা লাভ কৰা সাংবাদিক সুৰজ দত্ত, সাংবাদিক মিণ্টু মনোৱাৰ সোৱৰণী শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বটা‌‌ লাভ কৰা ডিৱাই ৩৬৫ আৰু অসমীয়া খবৰৰ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, বিভিন্ন প্ৰত্যাহ্বান নেওচি সাংবাদিকতাৰ ক্ষেত্ৰত দীৰ্ঘ দিন সেৱা আগবঢ়াই গুৱাহাটীটো সন্মান লাভ কৰা মহিলা সাংবাদিক পৰীণিতা বৰুৱা, ফটো সাংবাদিকতাৰ সমান্তৰালকৈ যোগাসনৰ জৰিয়তে ৰাজ্য ৰ লগতে ৰাজ্য বাহিৰতো পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা জগদীশ ভড়ালী, সাংবাদিক লেখক কুশল খনিকৰ, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সম্পাদক, দৈনিক অসম কাকতৰ সাংবাদিক আদিত্য শইকীয়া আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক গৌতম গগৈ।

গামোচা, চেলেং চাদৰ, প্ৰতিষ্ঠা দিৱসৰ স্মাৰক আৰু অভিনন্দন পত্ৰৰে সাংবাদিক কেইজনক সম্বৰ্ধনা জনোৱা হয়। প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি লাহোৱালৰ যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বৃহৎ কেক কাটে। লগতে ডিকমৰ পৰা খোৱাঙলৈকে সম্বৰ্ধিত সাংবাদিকসকলক লৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিবসৰ শুভেচ্ছা জনোৱাৰ লগতে চৰকাৰে শেহতীয়াকৈ সাংবাদিকৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সন্দৰ্ভত বক্তব্য ৰাখে।

সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, লেখক তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য ড° শশীকান্ত শইকীয়া, আজুৰ উপ-সভাপতি তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঞি, বিশিষ্ট লেখক বীৰেণ বৰুৱা, ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা লেখক পেইম থি গোহাঁই, লেখক ড° লোহিত শইকীয়া, জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰ, অৰুণ জৈন, চন্দন ফুকন, দেৱজিৎ চুতীয়া, জিলা ছাত্র সন্থাৰ সভাপতি লিখন বৰুৱা, সম্পাদক শংকৰজ্যোতি বৰুৱা, ডিব্ৰুগড় আছুৰ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰ, জাতীয়তাবাদী যুব পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ, বৃহত্তৰ গণ সন্মিলন অসমৰ শৰৎ হাজৰিকা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰুৱা, যুব নেতা তথা সমাজকৰ্মী পৰাগ দত্ত, কৃষক মুক্তিৰ অনুজ চেত্ৰী আদিকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ক্লাবৰ প্ৰতিষ্ঠা দিৱসতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক পৰমানন্দ সোণোৱাল, ডিব্ৰুগড় বনাঞ্চলিক বিষয়া সঞ্জীৱ বৰদলৈ, যান-বাহন আৰক্ষীৰ পৰিদৰ্শক ভাস্কৰ জ্যোতি ফুকন আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰা হয়।