অসম

ধূপধৰাত বন বিভাগৰ অভিযানত জব্দ চেগুন গছৰ কুণ্ডা

asomiyapratidin

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাত অব্যাহত আছে বন ধ্বংসযজ্ঞ। জিলাখনত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম্য৷ গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত মাজে সময়ে বন বিভাগে চলোৱা অভিযানত চোৰাং কাঠ জব্দ হোৱা ঘটনাই এই কথাকে প্ৰমাণ কৰিছে৷ শুকুৰবাৰে পুঁৱতি নিশাও ৰংজুলি বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে ধূপধৰা-নগৰবেৰা পথত বৃহৎ পৰিমাণৰ চোৰাং গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰামতে এএছ ০১-ইচি-৯৬৮২ নম্বৰৰ এখন বলেৰ' পিক আপ বাহনেৰে দক্ষিণ কামৰূপৰ কোনো এক অঞ্চলৰ পৰা মূল্যবান চেগুন গছৰ কুণ্ডা চোৰাং ব্যৱসায়ীয়ে নগৰবেৰালৈ সৰবৰাহ কৰি লৈ গৈ থকা অৱস্থাত ধূপধৰাৰ সমীপতে ধূপধৰা-নগৰবেৰা পথত বন বিভাগৰ দলটোৰ সৈতে মুখামুখি হয়৷

বন বিভাগৰ দলটোৱে লগে লগে চেগুন গছৰ কুণ্ডাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় যদিও বাহনখনৰ চালকসহ চোৰাং ব্যৱসায়ী কেইজন পলায়ন কৰে৷ পিছত বন বিভাগৰ দলটোয়ে চৈধ্য টুকুৰা চেগুন গছৰ কুণ্ডাৰ লগতে বাহনখন জব্দ কৰি ধূপধৰাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে৷ ইফালে জব্দ কৰা চেগুন গছৰ কুণ্ডাখিনিৰ বজাৰ মূল্য পঞ্চাশ হেজাৰ টকাৰো অধিক হ'ব বুলি বন বিষয়াই জানিবলৈ দিছেl