অসম

ধূপধৰা প্ৰাইজমানি ফুটবলত বি পি জে আৰ চূড়ান্ত বিজয়ী…

asomiyapratidin

ডিজিটেল সংবাদ, ধূপধৰাঃ ধূপধৰা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কোঠাকুঠি-ধনুভাঙা বি পি জে আৰ দলে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে৷ ধূপধৰা ৰাজহুৱা খেলপথাৰত বুধবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলখনত কোঠাকুঠি-ধনুভাঙা বি পি জে আৰ দলে বকো এফ চি দলক ৩-০ গ'লত পৰাস্ত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰে ৷ তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূণ্যভাৱে সমাপ্ত হয় ৷

অৱশ্যে বিদেশী খেলুৱৈৰে সমৃদ্ধ বি পি জে আৰ দলটোৰ আফ্ৰিকান খেলুৱৈ প্ৰিন্স ব্ৰুনোই খেলখনৰ ৫০ আৰু ৬৯ মিনিটত দুটা গ'ল দিয়াৰ উপৰি খেলৰ ৬০ মিনিটত চন্দ্ৰকান্ত খাখলাৰীয়ে এটা গ'ল দিয়ে আৰু খেলখনত ৩-০ গ'লত বিজয় সাব্যস্ত কৰে ৷ বিজয়ী দলটোৱে স্বৰ্গীয় দিক বালা ৰাভা সোৱৰণী ট্ৰফীৰ লগতে নগদ ২৫ হেজাৰ টকা লাভ কৰে আৰু বিজিত দলটোৱে স্বৰ্গীয় জ্ঞান শংকৰ খাখলাৰী সোৱৰণী ট্ৰফীৰ লগতে নগদ পোন্ধৰ হেজাৰ টকা লাভ কৰে ৷

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গ'ল দাতাৰ পুৰস্কাৰ লাভ কৰে বিজয়ী দলটোৰ ক্ৰমে- পংকজ হাজোৱাৰী আৰু নিবাৰণ বসুমতাৰীয়ে ৷ সৰ্বোচ্চ গ'লদাতাৰ পুৰস্কাৰ লাভ কৰে বকো এফ চিৰ ভৈৰৱ ৰাভাই৷ ইফালে, চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ৷ আনহাতে, খেলৰ শেষত বিজয়ী দলটোক বঁটাসমূহ বিতৰণ কৰে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷