অসম

ৰাজপথ নহয় মৰণফাণ্ডঃ ধূপধৰাত বাছৰ খুন্দাত প্ৰাণ গ’ল ১জনৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ধূপধৰাঃ ৰাজপথ নহয় যেন মৰণফান্দতহে পৰিণত হৈছে গোৱালপাৰা জিলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ গোৱালপাৰা জিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰান্তত নিতৌ দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত হ'বলগীয়া হৈছে বহু লোক ৷

এদিন পূৰ্বে দুধনৈৰ ডাবলীত বাহনৰ খুন্দাত দুজন লোক থিতাতে নিহত হোৱাৰ পিচত শনিবাৰে দুপৰীয়া পুনৰ ধূপধৰাৰ কোঠাকুঠিত তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী চাইকেল আৰোহী ৷ ধূপধৰাৰ ৰাভাপাৰাৰ গোপাল চৌধুৰী নামৰ লোকজনে চাইকেলেৰে গৈ থকা সময়তে এএছ ১২-এ চি ০৮৫৮ নম্বৰৰ দ্ৰুতবেগী যাত্ৰীবাহী আল্ট্ৰা বাছ এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু থিতাতে নিহত হয় লোকজন ৷

দুৰ্ঘটনাটোত চাইকেলখন চূৰ্ণবিচূৰ্ণ হৈ পৰে ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰে ৷