অসম

ধূপধৰাত অঘটন,গছ কটা কাৰ্যত সহায় কৰিবলৈ গৈ কৰুণ মৃত্যু এজনৰ, আহত আন এজন

asomiyapratidin

ডিজিটেল সেৱা,ধূপধৰা : ধূপধৰাত গছ কটাত সহায় কৰিবলৈ গৈ শুকুৰবাৰে এজন লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাত আন এজন লোকো গুৰুতৰভাৱে আহত হয় ৷ পঞ্চাশ উৰ্ধৰ মৃত লোকজন ধূপধৰা হাঁহচৰাবৰী গাঁৱৰ মোবাৰক আলী আৰু আহত লোকজন চজিমুদ্দিন আলী বুলি জানিব পৰা গৈছে ৷

জানিব পৰামতে শুকুৰবাৰে বিয়লি কেইজনমান যুৱকে ধূপধৰাৰ এগৰাকী লোকৰ শাল গছ কাটি থকা অৱস্থাত মোবাৰক আলী আৰু চজিমুদ্দিন আলী নামৰ লোক দুজনে সহায় কৰিবলৈ আগবাঢ়ি যায়। পিছত আধা কাটি থোৱা প্ৰকাণ্ড শাল গছ এজোপা বগৰাবলৈ ব্যৱহাৰ কৰা ৰছী আন লোকৰ সতে উক্ত লোক দুজনে টানিব ধৰে। কিছু সময়ৰ পিছত উক্ত গছজোপা বাগৰি পৰে যদিও হাতৰ পৰা ৰছীদাল এৰি দিবলৈ সময় নোপোৱাৰ ফলত ৰছীদালৰ মেৰপাকত পৰি দুয়ো আন গছৰ কুণ্ডাত খুন্দা মাৰে।

ফলত মোবাৰক আলী থিতাতে মৃত্যুক সাবটি লোৱাৰ লগতে গুৰুতৰভাৱে আহত চজিমুদ্দিনক চিকিৎসাৰ বাবে ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও পিচত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত মোবাৰক আলীৰ মৃতদেহটো থানালৈ লৈ আনে ৷