অসম

ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ নাও, ফেৰী চলাচল বন্ধ কৰাত দক্ষিণ শালমাৰাৰ মাটিফাটাত যাত্ৰীৰ প্ৰতিবাদঃ দক্ষিণ পাৰৰ ১০ খন ঘাটত ৰ-পেক্স সেৱা প্ৰদানৰ দাবী…

asomiyapratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ মাজুলিৰ নিমাতিঘাটত ফেৰী দুৰ্ঘটনাৰ পাছত ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ ব্ৰহ্মপুত্ৰ নদীত চলাচল কৰা প্ৰতিখন ভূটভূটি নাও, ফেৰী সেৱা বিগত দুদিন ধৰি বন্ধ কৰি ৰখাৰ ফলত দক্ষিণ পাৰৰ ১০ সহস্ৰাধিক ফেৰী যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হোৱাক কেন্দ্ৰ কৰি মঙ্গলবাৰে দক্ষিণ শালমাৰাৰ মাটিফাটাত ফেৰী যাত্ৰী সকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ যাতায়তৰ বাবে ১০ খন ঘাটৰ পৰা ৰ-পেক্স সেৱাৰ জাহাজ প্ৰদানৰ দাবী কৰে।

উল্লেখযোগ্য যে ধুবুৰীৰ দক্ষিণ পাৰ অৰ্থাত মেদেৰটাৰী, ফকিৰগঞ্জ, আইৰকাটা তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা, টুমনি, ছাইখোৱা, মনিৰচৰ, হাজিৰহাট, কোকৰাডাঙা আৰু সুখচৰৰ বেপাৰীপাৰালৈ প্ৰতিদিনে মুঠ ১০ খন ফেৰীৰে প্ৰায় ৩ সহস্ৰাধিক যাত্ৰী যাতায়ত কৰাৰ লগতে অঞ্চলকেইখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধ শতাধিক যন্ত্ৰ চালিত নাও যোগে কেবা সহস্ৰাধিক লোক ধুবুৰীলৈ যাতায়ত কৰে। কিন্তু মাজুলি দুৰ্ঘটনাৰ পাছতেই ধুবুৰী জিলা প্ৰশাসনে এটা ইঞ্জিনযুক্ত সকলো যন্ত্ৰচালিত নাও তথা ফেৰী সোমবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি ৰাখিছে। ফলত প্ৰতিদনে দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ যাতায়ত কৰা প্ৰায় দহ সহস্ৰাধিক লোকৰ যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাই দেখা দিছে।

ইফালে ধুবুৰীৰ পৰা প্ৰতিদিনে শ শ ভূটভূটী নাওযোগে ব্যৱসায়ী সকলে ব্যৱসায়ৰ বাবে সা-সামগ্ৰী কঢ়িয়াই আনি নিজৰ নিজৰ দোকানত জমা কৰি বিক্ৰী কৰাৰ পাছত উপাৰ্জনৰ ধনেৰে পৰিয়ালক পোহপাল দিয়ে। কিন্তু ধুবুৰী জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰ নদীত সকলো প্ৰকাৰৰ নাও চলাচল বন্ধ কৰি দিয়াৰ ফলত বৰ্তমানে ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ সা-সামগ্ৰী কঢ়িয়াও আনিব পৰা নাই ব্যৱসায়ী সকলে। ইফালে একাংশ লোক চৰকাৰী কাৰ্যালয়ত কামৰ বাবে ধুবুৰীলৈ যাবলগীয়া হয় যদিও ফেৰীৰ অভাবত তেওলোক ধুবুৰীলৈ যাতায়ত কৰিব পৰা নাই। একেদৰে আদালতত গোচৰ সংক্ৰান্তীয় কামৰ বাবেও একাংশ আচামী ধুবুৰীলৈ যাতায়ত কৰিব লাগে যদিও বৰ্তমানে যাতায়ত ব্যৱস্থা নথকাৰ ফলত আচামী সকলে সময়মতে আদালতত হাজিৰ হ'বপৰা নাই।

ফলত দক্ষিণ পাৰৰ ব্যৱসায়ী সকলৰ লগতে সাধাৰণ লোকৰ মাজত সংকটে দেখা দিয়া পৰিলক্ষিত হৈছে। ইয়াকে লৈ মঙ্গলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত দক্ষিণ শালমাৰাৰ মাটিফাটা বজাৰত একাংশ ফেৰী যাত্ৰী তথা ব্যৱসায়ী সকলে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয়। প্ৰতিবাদকাৰী সকলৰ দাবী, জিলা প্ৰশাসনে ধুবুৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত সকলো প্ৰকাৰৰ নাও, ফেৰী সেৱা বন্ধ কৰাত কাৰো কোনো আপত্তি নাই। কিন্তু দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ প্ৰতিদিনে সংযোগ কৰা দহ সহস্ৰাধিক যাত্ৰী, ব্যৱসায়ী সকলে পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত দক্ষিণ পাৰৰ মুঠ ১০ খন ফেৰী ঘাটত এখনকৈ ৰ-পেক্স সেৱাৰ জাহাজ মুকলি কৰি ৰাইজৰ যাতায়তৰ সুবিধা কৰিব লাগে।

মন কৰিবলগীয়া বিষয় এয়া দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ যাতায়তৰ বাবে জলপথৰ বাহিৰে বিকল্প পথ নাই। যাৰ বাবে স্বাধীনোত্তৰ কালৰে পৰা দক্ষিণ পাৰৰ লোক সকলে নাও, ফেৰী আদি ব্যৱহাৰ কৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰে ধুবুৰীৰ সৈতে সংযোগ কৰে। ইফালে চুবুৰীয়া ৰাজ্য মেঘালয় তথা গোৱালপাৰা, বঙাইগাওঁ হৈ স্থলপথ আছে যদিও সেই পথেৰে যাত্ৰী সকলে ধুবুৰীলৈ যাতায়ত কৰিবলৈ হলে প্ৰায় ৮ ঘণ্টা সময় লাগিব। এনে পৰিস্থিতিৰ মাজত জিলা প্ৰশাসনে দক্ষিণ পাৰৰ ৰাইজৰ ধুবুৰীলৈ যাতায়ত কৰাৰ বাবে বিকল্প কিবা ব্যৱস্থা গ্ৰহন কৰিবনে ?