অসম

অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে অভিযানঃ ফাৰ্মাচি এৰি পলায়ন কৰ্মচাৰীৰ…

asomiyapratidin

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ নিকটৱৰ্তী ঝগৰাপাৰ অঞ্চলত অবৈধভাবে কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচিৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনৰ পৰা অভিযান চলাই এখন অবৈধ ফাৰ্মাচি ছিল কৰিলে প্ৰশাসনে। ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পথত দুয়ো পাশে অবৈধভাবে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ফাৰ্মাচি।

কিন্তু লক্ষণীয় বিষয় যে, দীৰ্ঘদিন ধৰি ধুবুৰী চহৰৰ নিকটৱৰ্তী ঝগৰাপাৰত একাংশ ব্যক্তিয়ে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোলোৱাকৈ ফাৰ্মাচি চলাই আছে একাংশ ব্যক্তিয়ে আৰু ধুবুৰী জিলা প্ৰশাসনে ঝগৰাপাৰত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে অভিযান দেখি একাংশ ব্যাক্তিয়ে ফাৰ্মাচি বন্ধ কৰি পলায়ন কৰে।

মঙ্গলবাৰে ধুবুৰী জিলা প্ৰশাসনৰ নেতৃত্বত ঝগৰাপাৰত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে অভিযান চলাই । অভিযানত এখন "গ্ৰীণ মেডিকেল" নামৰ ফাৰ্মাচি ছিল কৰি দিয়ে ধুবুৰী জিলা প্ৰশাসনে।