অসম

ধুবুৰীত পুনৰ জব্দ ৪ লাখ ৩২ হাজাৰ টকা

asomiyapratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ ধাৰাবাহিক অভিযানত উদ্ধাৰ হৈছে লাখ লাখ টকা। নিৰ্বাচনৰ পূৰ্বে একপ্ৰকাৰ টকাৰ উজান উঠিছে ধুবুৰীত। বুধবাৰে অভিযানত পুনৰ জব্দ হ'ল ৪ লাখ ৩২ হাজাৰ টকা।

ষ্টেটিক চাৰ্ভিলেঞ্চ টিমে নিয়মিত তালাচি চলাই ধুবুৰীৰ গৌৰীপূৰৰ ১নং ৱাৰ্ডৰ পৰা এখন এল্ট' কে টেন বাহনৰ পৰা এই টকা জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে গৌৰীপূৰৰ পৰা ৰূপচী অভিমুখী গৈ থকা বাহনখনৰ নম্বৰ এএছ-১৭এফ-৮৮৩০। জব্দকৃত ধনখিনিক লৈ তদন্ত অব্যাহত ৰাখিছে গৌৰীপুৰ আৰক্ষীয়ে।

ধুবুৰীৰ কাৰ্যবাহী দণ্ডাধীশ শান্তা ছেত্ৰীৰ নেতৃত্বত যোৱা কেইদিনৰ ভিতৰত ধুবুৰী জিলাত চলিছে ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ ধাৰাবাহিক অভিযান। কাৰ্যবাহী দণ্ডাধীশ গৰাকীয়ে জনোৱা মতে টকাখিনি পিয়াৰ হুছেইন নামৰ লোকজনে বেংকৰ পৰা উলিয়াই নিছিল।