ধুবুৰী

শ্ৰীশ্ৰী হাটীসত্রৰ সত্ৰাধিকাৰৰ মৃত্যুত মধুপুৰ সত্ৰ সমিতিৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী : অবিভক্ত কামৰূপ জিলাৰ একমাত্ৰ উদাসীন সত্ৰ শুৱালকুছিৰ ইশ্বৰ শ্ৰী শ্ৰী হাটীসত্রৰ দশম জনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভগ্নেশ্বৰ মহন্তৰ পৰলোক প্ৰাপ্তিত মধুপুৰ সত্ৰ সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে।

এক শোক বাৰ্তাত মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্র নাথ প্ৰধানী, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে কয় যে, ১৯ এপ্ৰিলৰ সন্ধিয়া ৫ বাজি ৫৫ মিনিটত দেহাৱসান ঘটা শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্রৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভগ্নেশ্বৰ মহন্তই মৃত্যুৰ আগমুহূৰ্তলৈকে গুৰুদুজনাৰ আদৰ্শ আৰু পৰম্পৰাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অবিৰতভাৱে চলাই থকা তেওঁৰ প্ৰচেষ্টাই অসমৰ সত্ৰীয়া সংস্কৃতিক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত এক অনবৈদ্য অৱদান আগবঢ়াইছিল।

মধুপুৰ সত্ৰৰ লগত সততে সংযুক্ত হৈ থকা সত্ৰাধিকাৰ মহন্তৰ মৃত্যুয়ে মধুপুৰ সত্ৰৰ আধ্যাত্মিক চিন্তা-চেতনাক গতিশীল কৰাৰ ক্ষেত্ৰত এক শূণ্যতাৰ সৃষ্টি কৰিব। সত্ৰ সমিতিয়ে সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটীসত্রৰ ভকত-বৈষ্ণৱৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।