ধুবুৰী

মধুপুৰ মহোৎসৱ : নৰনাৰায়ণৰ সময়ৰ সাহিত্য, সংস্কৃতি সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ধুবুৰী : অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক, বৈষ্ণৱ আন্দোলনৰ কাণ্ডাৰী জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ থলী উত্তৰবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু কোচবিহাৰত ২৪ আৰু ২৫ ডিচেম্বৰত আধ্যাত্মিক আৰু বৰ্ণিল কাৰ্য্যক্ৰমণিকাৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'ব। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মধুপুৰ সত্ৰ সমিতিৰ আয়োজনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালালয় আৰু সাহিত্য চৰ্চা কেন্দ্ৰ অসমত সহযোগত মহোৎসৱৰ বৰ্ণাঢ্য অনুষ্ঠানৰ কাৰ্য্যসূচী ২৪ ডিচেম্বৰৰ ৰাতিপুৱা ১১-০০ বজাৰ পৰা কোচবিহাৰৰ বিপাশা ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া আলোচনা চক্ৰৰ জৰিয়তে পাতনি মেলা হ'ব।

"মহাৰাজ নৰাৰায়ণৰ সময়ৰ সাহিত্য, সংস্কৃতিৰ অধ্যয়ন" শীৰ্ষক বিষয়ৰ ওপৰত হ'বলগীয়া এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কোচবিহাৰৰ পঞ্চানন বাৰ্মা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড⁰ নিখিল চন্দ্ৰ ৰয়। সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত উপস্থিত থাকিব ন-সত্ৰ কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড⁰ মাধুৰ্য মণ্ডিত বৰুৱা, কোচবিহাৰৰ বানেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড⁰ নৰেন্দ্ৰ নাথ ৰয় আৰু উৰিষ্যাৰ বিশিষ্ট বুদ্ধিজীৱী ড⁰ শৰৎ চন্দ্ৰ জেনা।

সাহিত্য চৰ্চা কেন্দ্ৰৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসৰ সভাপতিত্বত হ'বলগীয়া আলোচনা চক্ৰখনিৰ সৌষ্ঠব বঢ়াব বিশিষ্ট অতিথি তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড⁰ সঞ্জীৱ পল ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড⁰ দীপামণি হালৈ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ড⁰ দেইজী ৰাণী ডেকাই। আবেলি ৪-০০ বজাৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয়ৰ সৌজন্যত বিশিষ্ট লোক শিল্পী মীৰান্দা চৌধুৰীৰ গোৱালপৰীয়া লোকগীতৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে বৰপেটাৰোড শাখা সত্ৰৰ আইসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ'ব।

আনহাতে ২৫ ডিচেম্বৰ ৰাতিপুৱা ৮-৩০ বজাত মধুপুৰ সত্ৰ প্ৰাংগনত ভাগৱৎ শোভাযাত্ৰাৰে মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্য্যসূচী আৰম্ভ হ'ব। সেইদিনা ৰাতিপুৱা ৯-৩০ বজাত প্ৰসংগ আৰু নাম সমাৰোহ, দুপৰীয়া ১১-০০ বজাত থিয়নাম সমাৰোহ অনুষ্ঠিত হ'ব।

নাম সমাৰোহত বৰপেটা সত্ৰ, কালঝাৰ সত্ৰ, হাউলীৰ পৰাভাৰাল গোপাল আতা সত্ৰ, মৈৰামাৰা নমাটি সত্ৰ, সত্ৰশাল সত্ৰ, জিনকাটা সত্ৰৰ ভকতসকলৰ ওপৰিও উত্তৰবংগৰ দহখন সত্ৰ আৰু নামঘৰৰ ভকত-বৈষ্ণৱে নাম পৰিৱেশন কৰিব। আবেলি ৪-০০ বজাত মুকলি সভাৰ লগতে মহোৎসৱ উপলক্ষ্যে প্ৰকাশ পাবলগীয়া "মধুপুৰ" নামৰ স্মৰণিকা উন্মোচন কৰা হ'ব।

আনহাতে সন্ধিয়া ৬-০০ বজাত সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত যোৰহাটৰ ৰদ কাঁচিয়লী শিল্পী সমাজে ভাওনা প্ৰদৰ্শন কৰিব। এই কাৰ্য্যসূচী অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

মধুপুৰ সত্ৰ সমিতিয়ে দুয়োদিনৰ কাৰ্য্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে উত্তৰবংগৰ গুৰুজনাৰ আদৰ্শত বিশ্বাসীসকলো শ্ৰেণীৰ ৰাইজক সহায়-সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছে।