মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰীলৈ প্ৰচাৰৰ বাবে যাবনে? অগপ প্ৰাৰ্থী জাবেদ ইছলামে কৰিলে স্পষ্ট...
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰীলৈ প্ৰচাৰৰ বাবে যাবনে? অগপ প্ৰাৰ্থী জাবেদ ইছলামে কৰিলে স্পষ্ট... 
ধুবুৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰীলৈ প্ৰচাৰৰ বাবে যাবনে? অগপ প্ৰাৰ্থী জাবেদ ইছলামে কৰিলে স্পষ্ট...

Asomiya Pratidin

ডিজিটেল সংবাদ মানকাচৰঃ মিঞা ভোট নালাগে বুলি সঘনে মন্তব্য কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলাবনে? জাবেদ ইছলামক অগপ-বিজেপি মিত্ৰজোটে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাচতে ৰাইজৰ মাজত এই প্ৰশ্ন উত্থাপন হৈ অহাৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী সমষ্টিক লৈ একপ্ৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰা পৰিলক্ষিত হৈছে।

ধুবুৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাটো মুখ্যমন্ত্ৰীৰ আইডলজিত নপৰে বুলি দাবী কৰিলেও জাবেদ ইছলামে কিন্তু মুখ্যমন্ত্ৰীক এৰি নিদিয়ে। মুখ্যমন্ত্ৰী প্ৰচাৰৰ বাবে ধুবুৰী-মানকাচৰত আহিব লাগিব। জাবেদ ইছলামে মুখ্যমন্ত্ৰীৰ ওচৰত জেদ কৰি হলেও মুখ্যমন্ত্ৰীক ধুবুৰীত অগপৰ হৈ প্ৰচাৰৰ বাবে আনিব। এই দাবী কৰিছে ধুবুৰীৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে।

অগপৰ প্ৰাৰ্থীগৰাকীয়ে টিকট লাভৰ পাচৰে পৰা ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ বিভিন্ন বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই নিয়া পৰিলক্ষিত হৈছে। বিশেষকৈ নিজৰ বিধানসভা সমষ্টি মানকাচৰত জাবেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে।

জাবেদ ইছলামে আজি হাটশিঙিমাৰীত দলীয় নেতা-কৰ্মীৰ সৈতে এক কৰ্মী সভা অনুষ্ঠিত কৰে। কৰ্মী সভাৰ পাচতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

লক্ষণীয় যে, বিজেপিক মিঞা ভোট নালাগে বুলি মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিনে দাবী কৰি আহিছে। বিজেপিক মিঞা ভোট নালাগে বাবেই ধুবুৰীত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই। ইয়াৰ বিপৰীতে সমষ্টিটো এৰি দিছে অসম গণ পৰিষদক। অৱশ্যে অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে কয়, মুছলমান বা সংখ্যালঘু মানুহখিনিয়ে নিৰ্বাচনত অগপক ভোট দি তেওঁক নিৰ্বাচিত বুলি আশা প্ৰকাশ কৰিছে।