ধুবুৰীত ইউনানি মেডিকেল কলেজ স্থাপনৰ বাবে সৰ্বানন্দ সোণোৱালক পদক্ষেপ গ্ৰহণৰ আহ্বান বদৰুদ্দিন আজমলৰ...
ধুবুৰীত ইউনানি মেডিকেল কলেজ স্থাপনৰ বাবে সৰ্বানন্দ সোণোৱালক পদক্ষেপ গ্ৰহণৰ আহ্বান বদৰুদ্দিন আজমলৰ... 
ধুবুৰী

ধুবুৰীত ইউনানি মেডিকেল কলেজ স্থাপনৰ বাবে সৰ্বানন্দ সোণোৱালক পদক্ষেপ গ্ৰহণৰ আহ্বান বদৰুদ্দিন আজমলৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ধুবুৰীত এখন ইউনানি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে। পত্ৰখনিত তেওঁ উল্লেখ কৰে যে, ধুবুৰীত ২০০৯ চনৰ পৰাই এখন ইউনানি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবৰ বাবে মই চেষ্টা কৰি আহিছো।

সদনৰ মজিয়াত বিষয়টো উত্থাপন কৰাৰ উপৰিও কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীক কেইবাবাৰো স্মাৰক পত্ৰ দি আহিছো। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা বিস্তৃত্ প্ৰকল্প প্ৰতিবেদন পালেহে কেন্দ্ৰ চৰকাৰে এই বিষয়ত আগবাঢ়িব পাৰিব বুলি আমাক জনাইছিল।

এই ডি পি আৰ সম্পৰ্কে ইতিমধ্যে ৰাজ্য চৰকাৰক আমি জনোৱাৰ পাছতৰাজ্য চৰকাৰে ২০১৩ চনতে আপত্তি নথকাৰ প্ৰমাণপত্ৰ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছিল আৰু মাটি আবণ্টন দিবলৈও প্ৰতিশ্ৰুতি দিছিল। কিন্তু পৰিতাপৰ বিষয় এই ক্ষেত্ৰত আজিলৈকে কোনো অগ্ৰগতি দেখা পোৱা নগ'ল আৰু বিষয়টো তেনেকৈয়ে পৰি থাকিল বুলি পত্ৰখনত সাংসদ আজমলে উল্লেখ কৰি এই বিষয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশেষ উদ্যোগ লোৱাৰ বাবে আহ্বান জনায়।

তেওঁ কয় যে, এই ইউনানি চিকিৎসা মহাবিদ্যালয় ধুবুৰীত স্থাপন হ'লে এই অঞ্চলৰ ৰাইজ উপকৃত হোৱাৰ লগতে বহুতো যুৱক-যুৱতীৰ ইয়াত কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব। গতিকে ধুবুৰীবাসী ৰাইজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণৰ জৰিয়তে ধুবুৰীত এখন ইউনানি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ পত্ৰখনিত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাংসদ আজমলে আহ্বান জনায়।