অসম

ধুবুৰী জিলাত শীঘ্ৰেই দেখা দিব পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ নাটনি

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং : ধুবুৰী জিলাত শীঘ্ৰেই পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ নাটনিয়ে দেখা দিবলৈ গৈ আছে । ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত শালকোচা আৰক্ষী চকীৰ আৰক্ষীয়ে চাপৰৰ সোণামুখীত তেল টেংকাৰ চালক এজনক শাৰীৰিক ভাৱে নিৰ্যাতন চলোৱাৰ উপৰি মিছা গোচৰ জাঁপি জেললৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ এই অন্যায় কাৰ্য্যৰ প্ৰতিবাদ জনাই লগতে নিৰ্যাতনৰ বলি হোৱা চালক জামালা নায়ক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত আসাম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ অধীনস্থ বঙাইগাওঁ শোধনাগাৰ শাখাৰ টেংকাৰ চালক সকলে পেট্ৰ'ল, ডিজেলৰ টেংকাৰ আৰু আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ ধুবুৰী জিলা লৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

সেয়ে সোমবাৰৰ পৰা ডিজেল, পেট্ৰ'ল আৰু কেৰাচিনৰ টেংকাৰ ধুবুৰী জিলাত লৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মঙলবাৰৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক ধুবুৰী জিলাত লৈ নাযায় বুলি প্ৰকাশ কৰিছে । যেতিয়া লৈকে ধুবুৰী আৰক্ষী প্ৰশাসনে টেংকাৰ চালক জামালা নায়কক মুকলি কৰি নিদিয়ে তেতিয়া লৈকে অৰ্থাৎ অনিৰ্দিষ্ট কালৰ বাবে এই সিদ্ধান্ত বাহাল থাকিব বুলি এক প্ৰেছ বিবৃতি যোগে সদৰি কৰিছে ।

টেংকাৰ চালক সকলৰ এই আন্দোলন কাৰ্য্যসূচীৰ বাবে সাধাৰণ ৰাইজৰ কিছু অসুবিধা সৃষ্টি হব তাৰ বাবে ইউনিয়নৰ পৰা ৰাইজৰ ওচৰত ক্ষমা বিছৰা হৈছে । উল্লেখ্য যে ইয়াৰ আগতেও ধুবুৰী আৰক্ষীৰ দ্বাৰা অনুৰূপ ভাবে টেংকাৰ চালক আক্ৰান্ত হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে ।

সোমবাৰে ঢালিগাঁও স্থিত বঙাইগাওঁ শোধনাগাৰ চৌহদত আসাম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ অধীনস্থ বঙাইগাওঁ শোধনাগাৰ শাখাৰ টেংকাৰ চালক সকলে একত্ৰিত হৈ ধুবুৰী আৰক্ষী প্ৰশাসন মুৰ্দাবাদ, টেংকাৰ চালক সকলক পুলিচৰ দ্বাৰা নিৰ্যাতন বন্ধ কৰক, টেংকাৰ চালক জামালা নায়ক বিনাচৰ্তে মুকলি কৰি দিয়ক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।