অসম

ধুবুৰীত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ দেশী ভাষাৰ কৰ্মশালা…

asomiyapratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই অসন্তোষ্টি প্ৰকাশ কৰি মানি লব বিচৰা নাই সদ্য প্ৰকাশিত এন আৰ চি। এনে সময়তে দেওবাৰে দেশী জনগোষ্ঠীয় মঞ্চ অসমেও এন আৰ চিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। আনহাতে, আকৌ দুখ প্ৰকাশ কৰিছে দেশী জনগোষ্ঠীয় মঞ্চ অসমে।

উল্লেখযোগ্য যে, দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত দেওবাৰে ধুবুৰী সাহিত্য সভা ভৱনত দেশী ভাষাৰ এক কৰ্মশালা অনুষ্ঠিত হয়। কাৰ্য্যসূচী মতে, পুৱা ৮.৩০ বজাত মঞ্চৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি ফাতেজুল ইছলামে। তাৰ পিছৰ পৰাই বিভিন্ন কাৰ্য্যসূচীৰ পিছত দুটা পৰ্বত দেশী ভাষাৰ কৰ্মশালা অনুষ্ঠিত হয়।

দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শেখ হেদায়েতুল্লাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি পাচু গোপাল চক্ৰৱৰ্তী, ভোলানাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আকাব্বৰ আলী আহমেদ, দেশী সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক আবুল হাচান শেখ উপস্থিত থাকে।

তাৰোপৰি আমন্ত্ৰিত অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিশিষ্ট লেখিকা তথা সাহিত্যিক পেঞ্চনাৰ কাছেমা খাতুন আৰু সদৌ অসম লেখিকা সমাৰোহৰ ধুবুৰী শাখাৰ সম্পাদিকা চুলতানা চেলিম আহমেদকে ধৰি বহু কেইজন বিশিষ্ট লোক। একেদৰে আভ্যৰ্থনা সমিতিৰ সভাপতি আলহাজ লুতফৰ ৰহমান আৰু দেশী জনগোষ্ঠীয় মঞ্চৰ ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা আভ্যৰ্থনা সমিতিৰ আহ্বায়ক এবাদুল্লা শেখৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে অনুষ্ঠানত।

উক্ত সভাত অভিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰৰ দেশী ভূমিপুত্ৰৰ ভাষাকলৈ বিভিন্ন জনে বৰ্তমান টনা আজোৰা কৰি আছে বুলি কৈ ঐতিহাসিক ভাষাক ৰক্ষণাবেক্ষণ আৰু জীয়াই তোলাৰ উদ্দেশ্যে আজি দেশী জনগোষ্ঠীয় মঞ্চই দেশী ভাষাৰ ওপৰত কৰ্মশালা কৰাটোৱেই গৌৰৱ বুলি মন্তব্য কৰে মঞ্চৰ সভাপতি শেখ হেদায়েতুল্লাই। ইপিনে সংবাদ মাধ্যমৰ প্ৰশ্নোত্তৰত মঞ্চৰ সভাপতি গৰাকীয়ে এন আৰ চিক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ সমান্তৰালকৈ দুখ প্ৰকাশ কৰে।

এন আৰ চিৰ পৰা বাদ পৰা দেশী ভূমিপুত্ৰ ত্ৰিশ হাজাৰ লোকৰ নাম বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মঞ্চৰ ফালৰ পৰা দাবী উত্থাপন কৰে সভাপতি গৰাকীয়ে। আনহাতে, বিতৰ্কিত আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসম আৰু অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি চৰম ভাবুকি আহিব বুলি উল্লেখ কৰি দেশী জনগোষ্ঠীয় মঞ্চ অসমে এই বিতৰ্কিত বিধেয়কখনৰ তীব্র বিৰোধিতা কৰে মঞ্চ অসমৰ সভাপতি গৰাকীয়ে।