- ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নকল সোণৰ বেহা।
- এইবাৰ নকল সোণ জব্দ হ'ল ধুবুৰীত।
- এহাল যুৱক-যুৱতীৰ পৰা সোণখিনি জব্দ হৈছে।
- বেপাৰী পট্টিত সোণসহ আটক কৰা হৈছে ২ যুৱক-যুৱতীক।
- আটকাধীন যুৱকজনৰ নাম সুশান্ত প্ৰধান।
- কলকাতাত ঘৰ সুশান্ত প্ৰধানৰ।
- ইফালে যুৱতীগৰাকীৰ ঘৰ ধুবুৰীত।
- সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল ২ যুৱক-যুৱতী।
- তাৰ পাছতে তেওঁলোকক তালাচী চলাই আৰক্ষীয়ে নকল সোণ জব্দ কৰে।
- ইফালে এনেদৰে বহিঃৰাজ্যৰ যুৱকৰ সৈতে নকল সোণসহ অসমৰ যুৱতী আটক হোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰশ্নৰ।
- বহিঃৰাজ্যৰ যুৱকক এনে কাৰ্যত অসমৰ লোকেও সুযোগ দিয়াৰ অভিযোগ।