অসম

ফাটবিহুৰ গৰিমাত কালিমা : ঢকুৱাখনা জ্যেষ্ঠ নাগৰিকৰ ধিক্কাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাবাসীৰ সম্ভ্ৰম আৰু স্বকীয় সাংস্কৃতিক বৈভৱ ফাটবিহু। প্ৰতিগৰাকী ঢকুৱাখনাবাসীৰ বুকুত স্পন্দিত চাৰিকড়ীয়া নদীৰ পাৰৰ মহঘুলি চাপৰিৰ প্ৰাকৃতিক পৰিৱেশৰ এই বৰ্ণিল উপস্থাপন ফাটবিহুৰ-২০২৩ ৰ দ্বিতীয় দিনাৰ নিশা সংঘটিত হিংসাত্মক কাণ্ডৰ তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনে ।

বুধবাৰে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এক জৰুৰী কাৰ্যনিৰ্বাহক সভাই সংস্কৃতিৰ উৰ্বৰা ক্ষেত্ৰ ফাটবিহু বাকৰিৰ মঞ্চত একাংশ উন্নাসিক ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ বিষয়ববীয়াই সংঘটিত কৰা হিংসাত্মক ঘটনা অতি দুৰ্ভাগ্যজনক আৰু অভাৱনীয় বুলি অভিহিত কৰে। লগতে উল্লেখ কৰে যে জ্যেষ্ঠ নাগৰিক সন্মিলনক হতচকিত কৰা এই অসংযত আৰু অভূতপূৰ্ব পৰিস্থিতি যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

বুধবাৰে ফাটবিহু সমিতিৰ সভাপতিক নাগৰিক সন্মিলনৰ সম্পাদক দ্বীগেন্দ্ৰ নাথ হাজৰিকা স্বাক্ষৰিত এক পত্ৰত ফাটবিহুৰ মুখপত্ৰ "বিহুৱান"ৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছাবাণীত প্ৰকাশ হোৱা  বিতৰ্কিত বক্তব্যত আশ্চৰ্য প্ৰকাশ কৰে।  সম্পাদনা সমিতিয়ে সম্পাদন কাৰ্য দায়িত্ব সহকাৰে পালন নকৰাৰ পৰিণতিত এনে বিতৰ্কিত তথ্য প্ৰকাশ পোৱা বুলি উল্লেখ কৰি এখন সম্পাদনা সমিতি থকা স্বত্বেও সমিতিখনে সঠিক ভাবে পৰ্যবেক্ষণ নকৰাকৈ এনে গুৰুত্বপূৰ্ণ বিষয় প্ৰকাশ কৰাতো চৰম দায়িত্বহীনতাৰ পৰিচায়ক বুলি মন্তব্য কৰে ।

উক্ত বিষয়টো গুৰুত্ব সহকাৰে লৈ সংশ্লিষ্ট মহলক জবাবদিহি কৰাটো নাগৰিক সন্মিলনে কামনা কৰি উল্লেখিত স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত গৃহীত প্ৰস্তাৱ ফাটবিহু সমিতিলৈ লিখিত ৰূপত প্ৰেৰণ কৰিছে বুলি সম্পাদক হাজৰিকাই ব্যক্ত কৰে ।অন্যহাতে ফাটবিহুৰ মজিয়াত সংঘটিত "অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত শুদ্ধ ৰূপত ৰাইজৰ আগত জনাবলৈ" উদযাপন সমিতিয়ে এখন সংবাদমেল বুধবাৰে বিয়লি ৪ বজাত আহ্বান কৰে ।

ফাটবিহুৰ সুনামত কালিমা সনা এই ঘটনা সন্দৰ্ভত বিগত প্ৰায় ৪টা দিনে মৌন হৈ থকা উদযাপন সমিতিয়ে শেহতীয়াভাৱে সংবাদ মাধ্যমৰ আগত  নিজস্ব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অহাৰ পৰৱৰ্তী সময়ত কি সবল আৰু পতিয়নযোগ্য স্থিতি গ্ৰহণ কৰি ফাটবিহুৰ হৃত গৰিমা পুনৰুদ্ধাৰত মনোনিবেশ কৰে সেয়া লক্ষণীয় হ'ব বুলি উল্লেখ কৰে।