অসম

ধিং সমষ্টিৰ বেছামাৰীত অসম জন মৰ্চা দলৰ ৰাজহুৱা সভা…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে বিভিন্ন ৰাষ্ট্ৰীয়, ৰাজ্যিক দল সমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নগাঁও, মৰিগাঁও জিলাটো বিভিন্ন ৰাজনৈতিক দল সমূহে সভা সমিতি পাতি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে বিয়লি নগাঁও জিলাৰ ধিং সমষ্টিৰ বেছামাৰী খেলপথাৰ অসম জন মৰ্চা দলৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সমাজকৰ্মী ইদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি অসম জন মৰ্চা দলৰ ৰাজ্যিক সভাপতি চাইফুল ইছলাম চৌধুৰীয়ে "বিধায়ক আমিনুল ইছলামে স্বজন তোষণৰ বাদে সমষ্টি উন্নয়নৰ নামত এটা প্ৰকাণ্ড শূন্য দিছে সমষ্টিবাসীক।"

লগতে সমাজত উন্নয়ন, কৰ্মসংস্থাপন, শান্তি, ন্যায়, একতা প্ৰতিষ্ঠাৰ বাবে ২০২১ চনত ৰাইজক অসম জন মৰ্চা দলত সহযোগ কৰিবলৈ আহ্বান জনায়। আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ফজলুল হক, নগাঁও জিলা সমিতিৰ সভাপতি লক্ষী প্ৰসাদ বৰা, নগাঁও জিলা মহিলা সমিতিৰ সভানেত্ৰী পাৰবীন চৌধুৰী, বিনিতা কাকতিয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত অসম জন মৰ্চা দলৰ ৰাজ্যিক সদস্য মহেন্দ্ৰ হাজৰিকা, সমাজকৰ্মী প্ৰেমানন্দ কাকতি, মৃনালকান্তি নাথাকে প্ৰমুখ্য কৰি ধিং বিধান সভা সমষ্টিৰ সহস্ৰাধিক লোক উপস্থিত থাক