ধেমাজি

ঢকুৱাখনাত এন এছ ইউ আইত যোগদান শ শ ছাত্ৰ-ছাত্ৰীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: "ভৱিষ্যতৰ প্ৰত্যাশা  পূৰণ আৰু পৰিশীলিত অগ্ৰগামী সমাজ নিৰ্মাণৰ  বাবে  ছাত্ৰ শক্তিৰ কৰণীয়তা অধিক। যুৱ প্ৰজন্মৰ গঠনমূলক চিন্তাশক্তিৰ  জৰিয়তে এখন প্ৰগতিশীল সমাজ গঠনৰ বাবে ছাত্ৰ শক্তি সু সংগঠিত আৰু একত্ৰিত  হোৱাৰ প্ৰয়োজনীয়তা অধিক।  শিক্ষা আৰু শিক্ষাৰ্থীৰ অবিহনে এখন সমাজৰ গতিপথ সদায় কণ্টকাকীৰ্ণ ।  এন এছ ইউ আই এনে এটা ছাত্ৰ সংগঠন যাৰ জৰিয়তে  নৱ প্ৰজন্মৰ ছাত্ৰ শক্তিক আধুনিক প্ৰগতিশীল  সমাজ নিৰ্মাণৰ একো একোজন সু নিপুণ খনিকৰ হিচাবে গঢ় দিয়াৰ এক সুনিৰ্দিষ্ট পৰিকল্পনা আছে"।  ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলামৰাত শনিবাৰে এক বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেয়ে।

লখিমপুৰ জিলা এন. এছ. ইউ. আই.সমিতিৰ উদ্যোগত  ঘিলামৰা ব্লক এন. এছ. ইউ. আই. সমিতিৰ সহযোগত ঢকুৱাখনা বিধানসভা সমষ্টি ভিত্তিত  শনিবাৰে এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ঘিলামৰা সদৰস্থিত ই-লাইব্ৰেৰী প্ৰাঙ্গনত অনুষ্ঠিত এই  অনুষ্ঠানত ঢকুৱাখনা মহকুমাৰ বহু কেইখন মহাবিদ্যালয়ৰ কেইবা শতাধিক  শিক্ষাৰ্থীযে স্বতঃস্ফূৰ্ত ভাৱে ছাত্ৰ সংগঠনটোৰ  নীতি মাৰ্গত আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে যোগদান কৰে।

সমষ্টিটোৰ ঘিলামৰা নৰ্থ বেঙ্ক মহাবিদ্যালয়, হাৰ্হি মহাবিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয়কে প্ৰমুখ্য কৰি বিভিন্ন  মহাবিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ  সৰ্বভাৰতীয় ছাত্র সংগঠন এন. এছ.ইউ. আই.ত যোগদান কৰি  যুৱ প্ৰজম্মৰ শৈক্ষিক, সহ শৈক্ষিক মনস্তাত্বিক আৰু বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰখনত আত্মনিয়োগ কৰাৰ সংকল্প কৰে ।

লখিমপুৰ  জিলা এন. এছ. ইউ. আই.ৰ সভাপতি দিবাকৰ গগৈ, ঘিলামৰা ব্লক কংগ্রেছ সমিতিৰ সভাপতি আৰু অসম প্ৰদেশ কংগ্রেছ সমিতিৰ অ. বি. চি. কোষৰ প্ৰশাসনিক সাধাৰণ সম্পাদক সুভাষ দিহিঙ্গীয়াকে প্ৰমুখ্য কৰি ঘিলামৰা ব্লক কংগ্রেছ সমিতিৰ বহু কেইগৰাকী  বিষয়ববীয়া এই অনুষ্ঠানত উপস্থিত থাকে ।