ধেমাজি

চিলাপথাৰত বান খহনীয়াৰ পৰা সুৰক্ষা বিচাৰি গংগা পূজাৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ চেঙাজানত বান খহনীয়াৰ পৰা সুৰক্ষা বিচাৰি ৰাইজে গংগা পূজাৰ আয়োজন কৰিছে। চৰকাৰী ফলপ্ৰসু আঁচনিৰ বাবে মন্ত্ৰী-বিধায়কৰ কাষ চাপি বিফল নৈপৰীয়া ৰাইজে এইবাৰ ভগৱান কাষ চাপিবলৈ বাধ্য হৈছে। বুধবাৰে দুপৰীয়া ব্ৰহ্মপুত্ৰৰ চেঙাজান মাজৰবাৰীত বানবিধস্থ কৃষিজীৱি ৰাইজ সমবেত হয়।

গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উদ্যোগত সমবেত ৰাইজে মাংগলিক নীতি নিয়মৰ মাজৰে ব্ৰহ্মপুত্ৰৰ পাৰত পূজা পাতল আগবঢ়াই। পূজাৰ অন্তত কলগছৰ প্ৰতীকী নাওঁ সাজি উটুৱাই দি ভয়ংকৰ খনীয়াৰ পৰা অঞ্চলটো সুৰক্ষা প্ৰদান কৰিবলৈ দেৱীমাৰ চৰণত নৈবেদ্য আগঢ়ালে।

লক্ষ্যণীয় যে বৃহত্তৰ মাজৰবাৰি অঞ্চলটোত বিগত এটা দশকে ব্ৰহ্মপুত্ৰই ভয়াৱহ বান খহনীয়া সৃষ্টি কৰি ৰাইজক ত্ৰাহি মধুসুধন সোঁৱৰাই আহিছে। নদীত ইতিমধ্যে জাহ গ'ল লক্ষ্মীসূতি বড়ো, বৰগাঁও, চেঙাজন বড়ো, চেঙাজান হাজং, চেঙাজান মিছিং, ৪ নং মাজৰবাৰি, কেডি গাওঁ, গুৱালা গাঁও, নলাৰপাৰ, নেউলৰপাৰা, লেম্ব চাপৰি, লাদাংগুৰি, ঘটপতা আদি অধাকুৰি গাঁও।

নদীৰ কবলত নিশ্চিহ্ন হ'ল বিশাল কৃষিভূমি। অলেখ ঘৰ-বাৰীৰ লগতে জাহ গ'ল বহু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান। এই অংশত এতিয়াও অব্যাহত আছে লুইতৰ প্ৰচণ্ড খহনীয়া। কোটি কোটি টকা খৰচ কৰি হাতত লোৱা চৰকাৰী আঁচনিয়েও ৰাইজক সামান্য সুৰক্ষা দিব পৰা নাই। সেয়েহে এইবাৰ ৰাইজে দেৱী গংগাক তুষ্টিৰে অঞ্চলটো সুৰক্ষাৰ কামনা কৰিছে।