ধেমাজি

পথ নিৰ্মাণৰ নামত ধেমাজিত ২৪ কোটি ১৫ লাখ ১৭ হাজাৰ টকাৰ কেলেংকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি: অসম মালা আচঁনিৰ অধীনত ৰূপায়তি হৈ থকা ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা সংযোগী পথ নিৰ্মানৰ মাটি অধিগ্ৰহনৰ নামত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ ৬ শ ৪৪ টকাৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলি থকা সময়তে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী দুৰ্নীতিৰ নিবাৰক শাখাৰ তদাৰকী কোষৰ এটি তিনি জনীয়া দলে ধেমাজি জিলাৰ মাছখোৱাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

এই লোককেইজনৰ লগত উপস্থিত থাকে ধেমাজি গড়কাপ্তানি বিভাগৰ পথ আৰু বিল্ডিং বিভাগৰ বিষয়ববীয়া সকল ,ধেমাজি ৰাজচক্ৰ বিভাগ আৰু ধেমাজি উপ আৰক্ষী অধীক্ষক গৰাকী ৷ উল্লেখ্য যে মাছখোৱাৰ অঞ্চলৰ চিন্টু শইকীয়া আৰু মিন্টুৰাজ কামান নামৰ দুই যুৱকদ্বয়ে তথ্য জনা অধিকাৰ আইনৰ সহায়ত মাটি অধিগ্ৰহণৰ নামত সংঘটিত হোৱা কোটি টকাৰ কেলেংকাৰী বিষয়ে জানিব পাৰিছিল। পৰৱৰ্তী সময়ত এই সমগ্ৰ কথা ৰাজহুৱা কৰিছিল৷

লগতে ধেমাজি জিলাৰ ৰাজহ বিভাগৰ দায়িত্বত থকা তদানীন্তন অতিৰিক্ত উপায়ুক্ত উৎপল দলে ,ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱা, গড়কাপ্তানি গৃহ বিভাগৰ লাভা সোনোৱাল নামৰ এগৰাকী অভিযন্তাৰ উপৰিও গড়কাপ্তানি পথ আৰু গৃহ বিভাগৰ আন কেইবা গৰাকীৰ অভিযন্ত্ৰা বিষয়ববীয়াৰ লগতে ধেমাজি ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ মণ্ডল , কানোনগুৰুৱে এক দালাল চক্ৰৰ সৈতে মিলি বহু কেইগৰাকীৰ হিতাধিকাৰী নামত বক্ৰ পথেৰে চৰকাৰৰ ৰাজকোষৰ ধন আত্মসাৎ কৰাৰ সম্পৰ্কে গুৰুতৰ অভিযোগ কৰিছিল৷

অন্যহাতেদি যুৱক দ্বয়ে কেলেংকাৰীৰ উচিত তদন্ত বিচাৰি অসম চৰকাৰৰ মুখ্য সচিবকে ধৰি মুখ্যমন্ত্ৰী তদাৰকী কোষ ,চি আই ডি বিভাগ ,সঞ্চালক দুৰ্নীতিৰ নিবাৰক তদাৰকী শাখা ,অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতি চেয়াৰমেন , আৰক্ষী সঞ্চালক প্ৰধান আৰু মহা পৰিদৰ্শক অপৰাধ অনুসন্ধান শাখাকে ধৰি ৰাজ্যৰ উৰ্দ্ধতম কতৃপক্ষৰ বিভাগলৈকে ইয়াৰ তাৎক্ষণিক পদক্ষেপৰ বাবে অভিযোগ দাখিল কৰিছিল ৷

উল্লেখ্য যে যুৱকদ্বয়ে দিয়া অভিযোগৰ ভিত্তিত উক্ত কেলেংকাৰী সম্পৰ্কে ইতিমধ্যে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে ধেমাজি আৰক্ষী অধীক্ষকলৈ ঘটনাটো তদন্ত কৰি ব্যৱস্থা গ্ৰহন কৰিবলৈ নিৰ্দেশ দিছিল। তাৰপাছত ধেমাজি আৰক্ষীয়েও এটা গোচৰ ৰুজুৰ কৰি ইতিমধ্যে সুকীয়াকৈ তদন্ত অবাহত ৰাখিছে ৷