ধেমাজি

প্ৰায় সম্পূৰ্ণ সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজি : সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহখনি ধেমাজিৰ কাছাৰী ময়দানত অহা ৩১ মাৰ্চ আৰু ১, ২ এপ্রিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আদৰণি সমিতিয়ে ৷ এই সন্দৰ্ভত বুধবাৰে বিয়লি ৩ বজাত অধিবেশনস্থলী ধেমাজি কাছাৰী ময়দানত আয়োজন কৰে এক সংবাদমেল।

সংবাদমেলত আদৰণি সমিতিৰ সভাপতি তথা ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে কয় যে, সদৌ অসম মইনা পাৰিজাতৰ ধেমাজিত অনুষ্ঠিত হ'বলগা সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ ৰাজ্যৰ ২৪ খন জিলাৰ ৩৮৩৮ শিশু প্ৰতিনিধি আৰু ১৫০০ পৰিচালক আৰু পৰিচালিকাই ইতিমধ্যে যোগদান কৰিছে ৷ ১৭ টা শিবিৰত উক্ত মইনা শিশু সকলক থকাখোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি দত্তই কয় যে, সপ্তদশ দ্বি-বার্ষিক ধেমাজিত অনুষ্ঠিত ৰাজ্যিক শিশু সমাৰোহ সমাৰোহলৈ ৰাজ্যখনৰ ২৪ জিলাৰ পৰা আহিব লগা মইনা, চেমনীয়া, প্রাক্তন মইনা, পৰিচালক পৰিচালিকাসকলৰ তালিকা ইতিমধ্যে আদৰণি সমিতিলৈ প্ৰেৰণ কৰিছে।

সেই অনুসৰি বোকাখাত জিলাৰ পৰা ১০৫ গৰাকী, শিৱসাগৰ ১৬০, মঙ্গলদৈ ১৩০, চৰাইদেউ ১৮০, ডিব্ৰুগড় ৩৫৬, ওদালগুৰি ৬৩, তিতাবৰ ১১৫, গুৱাহাটী ৪৪, গহপুৰ ৩৭৭, কলিয়াবৰ ৮৫, নামনি লখিমপুৰ ৩০০, উত্তৰ লখিমপুৰ ৩৬৫, নগাঁও ৭৫, মাজুলী ২৬১, তেজপুৰ ১৮২, তিনিচুকীয়া ৭৮, গোলাঘাট ২৫০, যোৰহাট ৪৩, নলবাৰী ৪৩. বিশ্বনাথ ১০০, চিৰাং ২০ আৰু ধেমাজি জিলাৰ ৬০০ গৰাকী শিশু প্রতিনিধিকে ধৰি প্ৰায় ৪হাজাৰৰো অধিক শুভ্রসাজ পৰিহিত শিশুৰ কলৰৱেৰে মুখৰিত হ'ব ধেমাজি নগৰ।

ইয়াৰ উপৰিও ১৫০০ পৰিচালক পৰিচালিকা আৰু অতিথিসহ মুঠ প্ৰায় ৫৫০০ অতিথিক আপ্যায়ণ কৰিবলৈ আদৰণি সমিতি সাজু হৈছে। সমাৰোহৰ কাৰ্যসূচী অনুসৰি ৩১ মাৰ্চৰ পুৱা প্ৰতিনিধি পঞ্জীয়ন, ১১ বজাত প্ৰতিনিধি শিবিৰ মুকলি, ১১:৪৫ বজাত স্বাস্থ্য শিবিৰ উদ্বোধন আৰু স্বাস্থ্য আৰু পৰিৱেশ সজাগতামূলক অনুষ্ঠান, ১২:৩০ বজাত প্ৰাক্তন মইনাৰ অন্তৰংগ আলাপ, ৪ বজাত আদৰণি আৰু উদ্বোধনী অনুষ্ঠান, সন্ধিয়া ৬ বজাত সমবেত সংগীত প্ৰতিযোগিতা আৰু সন্ধিয়া ৭ বজাত মইনাৰ সাংস্কৃতিক অনুষ্ঠান।

দ্বিতীয় দিনা পুৱা ৮ বজাত পতাকা উত্তোলন আৰু অভিবাদন গ্রহণ, ৯:৩০ বজাত মাৰ্চপাষ্ট আৰু ব্যায়াম প্ৰতিযোগিতা, ১০:৩০ বজাত খেল ধেমালি আৰু সাহিত্য শাখাৰ প্ৰতিযোগিতাসমূহ একেসময়তে অনুষ্ঠিত হ'ব। একেদিনাই পুৱা ১১ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন, ১ বজাত চেমনীয়াৰ তৰ্ক প্ৰতিযোগিতা, ২:৩০ বজাত গ্রন্থ উন্মোচনী আৰু সম্বৰ্ধনা অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাত অতুল বৰ্তামুলী সোঁৱৰণী মইনাৰ সাংস্কৃতিক অনুষ্ঠান। তৃতীয় তথা অন্তিম দিনা পুৱা ৯:৩০ বজাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শ‍ইকীয়াই উদ্বোধন কৰিবলগীয়া বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা আৰু ১:৩০ বজাত সমাৰোহৰ মকলি সভা আৰু সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ'ব লগা স্বৰ্গীয় নৰেণ কোঁৱৰ সোঁৱৰণী মইনাৰ সাংস্কৃতিক অনুষ্ঠানটি উদ্ধোধন কৰিব সদৌ অসম ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

উল্লেখ্য যে দ্বিতীয় দিনা পতাকা উত্তোলন কাৰ্যসূচীত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী তথা সদৌ অসম মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্ত আৰু ধেমাজি জিলাৰ উপায়ুক্ত পল্লবী ফুকনে অভিবাদন গ্রহণ কৰিব। লগতে অন্তিম দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতার্থ গোস্বামীয়ে অতিথি হিচাপে উপস্থিত থাকিব বুলি আদৰণি সমিতিৰ সম্পাদকে জানিবলৈ দিয়ে ৷

বুধবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ঘণকৃষ্ণ বৰগোহাঁই, ধেমাজি জিলা মইনা পাৰিজাতৰ সভাপতি, সম্পাদক ৰনজিৎ চিৰিং আৰু নৱজ্যোতি বৰুৱা , আদৰনী সমিতিৰ ভুপেন হাজৰিকা, গোবিন দত্তই অংশগ্ৰহণ কৰে ৷