ধেমাজি

চিলাপথাৰত কোনে জ্বলাই দিলে অসমীয়াৰ স্বাভিমান গামোচা আৰু ঢোল?

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসমতে দুৰ্বৃত্তই জ্বলাই দিলে অসমীয়াৰ আৱেগক । নিজ ভূমিতে চূড়ান্ত অপমান অসমীয়াৰ আৱেগ অনুভূতি স্বাভিমানৰ ।

ব'হাগৰ আনন্দৰ মাজতে চিলাপথাৰত অসমীয়াৰ স্বাভিমানি গামোচা, ঢোলক অপমান একাংশ উদণ্ড যুৱকৰ । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত ।

খবৰ অনুসৰি চিলাপথাৰৰ কেন্দুগুৰি গাওঁৰ বিতুল চেতিয়া নামৰ যুৱকজনে লগৰীয়াৰ সৈতে বিহু মাৰিবলৈ নোযোৱাৰ বাবেই পুৱাই বিতুলৰ ঘৰত উদণ্ড ৰূপত নৱ চাংমাই, লক্ষী চুতীয়া, অনন্ত নামৰ কেইবাজনো যুৱকে অনাধিকাৰ গৃহত উপস্থিত হৈ কোনো কথা বতৰা নকৈয়ে অসমীয়াৰ স্বাভিমানী ফুলাম গামোচা, ঢোলত পেট্ৰল ঢালি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

এনে কাণ্ডত মৰ্মাহত হৈ পৰিছে বিতুলৰ লগতে অঞ্চলবাসী ৰাইজ । অসমীয়াৰ আৱেগ অনুভূতি থকা ফুলাম গামোচা, ঢোল জ্বলাই দিয়া মানে সম্পূৰ্ণ অসমীয়া জাতিৰ হ্ৰদপিণ্ডত আঘাত অনা কাৰ্য সংঘটিত হৈছে । এনে কাৰ্য কোনো অসমীয়াৰ বাবেই কেতিয়াও গ্ৰহণযোগ্য নহয় ।

বিহুক জগত সভাত প্ৰতিষ্ঠা কৰিবৰ বাবে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজেই আগবাঢ়ি আহি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে ।

তাৰ কেইদিনমান পিছতেই বিহুত ব্যৱহূত বাদ্যৰ এনে অপমানে সঁচাকৈয়ে সকলো অসমীয়াকেই মৰ্মাহত কৰি তুলিছে । বহু স্বাভিমানী অসমীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভ উজাৰিছে ।

লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে যদিহে এনে কাৰ্য কোনো অনা অসমীয়াই সংঘটিত কৰিলে হয় তেনেহ’লে আজি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়াৰ স্বাভিমান জাহিৰ কৰিবলৈ উঠি-পৰি লাগিল হয় । এই ক্ষেত্ৰত নিমাত এতিয়া সকলো ।

ইয়াৰ উপৰিও ঘটনা সংঘটিত পৰিয়ালটোৱে শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈ অসমীয়া ৰাইজৰ ওপৰত বিষয়টো এৰি দিছে । ইতিমধ্যেই ভুক্তভোগীয়ে চিলাপথাৰ থানাত গোচৰ দাখিল কৰিছে ।