ধেমাজি

দিন-দুপৰতে চোৰৰ অতপালি : গাড়ীৰ আইনা ভাঙি লুটি নিলে ৩লক্ষাধিক টকা

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰৰ নগৰত চোৰৰ তিঘিলঘিলনি বৃদ্ধিৰ ঘটনাই অতিষ্ঠ কৰি তুলিছে ৰাইজক। নগৰৰ মাজমজিয়াৰ পৰা গাড়ী-মটৰচাইকেল চুৰিৰ লগতে নগদ ধন হৰলুকিৰ ঘটনা তেনেই সাধাৰণ হৈ পৰিছে।

এনে ঘটনা-পৰিঘটনাৰ মাজতে মঙলবাৰে দুপৰীয়া প্ৰায় ১-৩০ বজাত চিলাপথাৰ নগৰৰ জ্যোতিশ্বৰ গয়াৰীৰ গাড়ীৰ পৰা প্ৰায় ৩ লাখ টকা চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত বিৱৰণীমতে লোকজনে আই ডি বি আই বেংকৰ পৰা ৩ লাখ টকা উলিয়াই এটা বেগত ভৰাই তেওঁ ব্যৱহাৰ কৰা এ আৰ‌ ২২-১৮২৪ নম্বৰৰ বলেৰ' বাহনখনত ৰাখি বন্ধ কৰি কাষতে থকা এন এখন বেংকত প্ৰৱেশ কৰে।

পিছে মাত্ৰ ৮-৯ মিনিট সময়ৰ গাড়ীৰ পৰা আঁতৰি থকাৰ সুবিধা গ্ৰহণ কৰে চোৰে। গাড়ীৰ বাওঁ দিশৰ আইনা ভাঙি এখন চেকসহ ৩লাখ টকা লুটি নিয়ে। ঘটনাৰ সংক্ৰান্তত গয়াৰীয়ে স্থানীয় থানাত এক এজাহৰ দাখিল কৰিছে। আৰক্ষীয়ে CCTVৰ ফুটেজ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। অসাধু চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ৰাইজে প্ৰশাসনৰ প্ৰতি গোহাৰি জনাইছে।