ধেমাজি

মৰিধল মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ত ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পুঁজিৰে “উত্তৰ পূৰ্ব ভাৰতৰ প্ৰাসংগিকতাৰে এক বিংশ শতিকাত লিংগ” শীৰ্ষক মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ যুটীয়া উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাচক্ৰ খনি শনিবাৰে সফল সামৰণি পৰে ৷

শনিবাৰে শেষদিনা পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম অংশৰ আলোচনা চক্ৰখনি ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° মিঞাজি হাজামে সঞ্চালনা কৰে ৷ দ্বিতীয় দিনা মুঠ ২৭ খন গৱেষণা পত্ৰৰ ওপৰত আলোচনা কৰা  আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী প্ৰাধ্যপক ড° দলি ফুকনে ৷ বিয়লি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী প্ৰাধ্যপক ড° চন্দন শৰ্মাই সঞ্চালনা কৰা দ্বিতীয় অংশৰ আলোচনাত্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে দাৰ্জিলিঙৰ চেইন্ট যোচেফ কলেজৰ সহযোগী অধ্যাপক ড° পদম নেপালে ৷

ভাৰতৰ কেইবাখনো ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মুঠ ১৩২ গৰাকী অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ আলোচনাচক্ৰৰ শেষত  অংশগ্ৰহণকাৰী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ সমল ব্যক্তি ড° চন্দন কুমাৰ শৰ্মা ভাষণৰে কাৰ্য্যসূচী সামৰণি পৰে ৷

দেশৰ বিভিন্ন ৰাজ্যৰ  বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা আহি আলোচনাচক্ৰত অংশগ্ৰহণ কৰা সকলোলৈকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপেন শইকীয়া আৰু উদ্যোগতা সমন্বয়কদ্বয় ড° সুৰভী গোহাঁই দুৱৰা আৰু ৰাজীৱ মহন্তই শলাগৰ শৰাই আগবঢ়াই ।