ধেমাজি

চিলাপথাৰৰ কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ দেওবাৰৰ পৰা চিলাপথাৰৰ কাৰেং চাপৰিত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ। বগীবিল দলঙৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ সুন্দৰ বালিময় চাপৰিৰ নৈসৰ্গিক পৰিবেশত মিছিং জনগোষ্ঠীয় সংগঠন টি এম পি কে'ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই বিশাল মহোৎসৱ।

সংস্কৃতি চহকী মিচিং সকলৰ ক'লা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লগতে কৃষি নিৰ্ভৰ জীৱন-জীৱিকাৰ উত্তৰণৰ মহৎ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই বিশাল মহোৎসৱ।যুৱ মহোৎসৱত প্ৰথম দিনটোৰ পুৱাৰ পৰাই অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। ৰং বিৰঙী জনগোষ্ঠীয় সাজ-পোছাক পৰিধান কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হ'ল অগণন লোক।

সহস্ৰাধিক স্বেচ্ছাসেৱক-সেৱিকা ব্যস্ত হৈ পৰিছে কাৰ্যসূচী সফল কৰি তোলাত। অতিথিক আদৰণিৰ বাবে ভমকা ফুলীয়া জাতীয় সাজ-পাৰ পৰিধান কৰি আহিছে জীয়াৰী বোৱাৰীসকলে।

আজি প্ৰথম দিনটোৰ কাৰ্য্যসূচী টি এম পি কে আৰু যুৱ মহোৎসৱৰ পতাকা উত্তলেনেৰে শুভাৰম্ভ হয়। ইয়াৰ পিছতে মিচিং জনগোষ্ঠীৰ জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া ছহিদসকলৰ আত্মাৰ সদগতিৰ বাবে জনোৱা হয় গভীৰ শ্ৰদ্ধা। ইয়াৰ পিছতে আকৰ্ষণীয় মূল তোৰণৰ লগতে উন্মোচন কৰে 'গাঙিং গৃহ',টানি ভিলেজৰ লগতে বিভিন্ন সামগ্ৰীৰ বিপনী।

মহোৎসৱৰ অন্তিম দিনটোৰ (৭ ফেব্ৰুৱাৰী) মুকলি সভা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগু‌ সমন্বিতে বহু মন্ত্ৰী-বিধায়ক আৰু বহু বিশিষ্ট ব্যক্তিয়ে শোভাৱৰ্ধন কৰিব। কাৰ্য্যসূচী সফল কৰি তুলিবলৈ সকলো ৰাইজৰ প্ৰতি আয়োজক সমিতিয়ে গোহাৰি জনাইছে।