ধেমাজি

মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ পুঁজি দ্বাৰা জীয়াঢলত কমন ফেচিলিটি কেন্দ্ৰৰ উদ্ধোধন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ পুঁজি দ্বাৰা মঙ্গলবাৰে জীয়াঢল দঃঞি পঃল লত্তাত ৰাইজৰ সুবিধাৰ্থে এটি কমন ফেচিলিটি কেন্দ্ৰ শুভ উদ্ধোধন কৰে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি দলৰ অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ৷

মিচিং স্বায়ত্ত্ব শাসিত পৰিষদে গ্ৰহন কৰা চিগ্ নেচাৰ আচঁনিৰ অধীনত আৱন্টিত পুঁজিৰ দ্বাৰা ১৪ নং মিছিং স্বায়ত্ত্বশাসিত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জীয়াঢল দঃঞি পঃল লত্তাত ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াই ৷ সকলো সময়তে ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰি উলিওৱা কমন ফেচিলিটি কেন্দ্ৰটি শুভ উদ্ধোধন কৰি মিছিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্য পৰমানন্দ চায়েঙীয়াই বক্তব্যত কয় যে, মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত ৩৬ টা সমষ্টিতেই এনে কমন ফেচিলিটি কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব ৷

উদ্ধোধনী অনুষ্ঠানত মিছিং স্বায়ত্বশাসিত পৰিষদৰ ১৪ নম্বৰ জীয়াঢল পৰিষদীয় সমষ্টিৰ জি.এম বানীকান্ত দলে, গোগামুখ সমষ্টিৰ জি.এম ৰাজু পেগু, সন্মিলনত গণ শক্তি দলীয় কৰ্মকৰ্তা, টি এম পি কে, এম. এম .কে আৰু টিএমএম কে ৰ আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় পৰ্যায়ৰ সাংগঠনিক কৰ্মকতাও উপস্থিত থাকে ৷