ধেমাজি

চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোণোৱালৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিনোদ ওৰফে (চেনিৰাম) সোণোৱালৰ (৫২) আকস্মিক মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত খবৰমতে চিলাপথাৰ নগৰ এলেকাৰ চিলা ঋগুটুং গাঁওৰ নিবাসী সৰুকন সোণোৱালৰ পুত্ৰ বিনোদ সোনোৱালে বিগত কিছুদিনৰ পৰা কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল।

শনিবাৰে আকস্মিকভাৱে অধিক অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়ে যদিও চিকাৎসলয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সোনোৱালে পত্নী, তিনি গৰাকী কন্যা আৰু বহু নিকট আত্মীয়ক ইহলোকত এৰি গৈছএ।

তেঁওৰ অকাল মৃত্যুৰ খবৰে ব্যথিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক। প্ৰাক্তন ছাত্ৰ নেতাজনৰ অকাল মৃত্যুত আছুৰ ধেমাজি জিলাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঞি,জিলা কাৰ্যনিৰ্বাহক দেৱ কলিতা,দেবেন ডেকা, মহকুমা সভাপতি অৰবিন্দ গগৈ, চিলাপথাৰ‌ আঞ্চলিকৰ সভাপতি বিক্ৰম গগৈ, সম্পাদক পাপুলু গগৈ, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ চন্দন কছাৰী, চিলাপথাৰ বাইথ' মন্দিৰ পৰিচালনা সমিতি,সোণোৱাল কছাৰী জাতীয় পৰিষদৰ হৈ তুলন সোণোৱাল আদি বিভিন্ন সংগঠন- অনুষ্ঠানৰ কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

দেওবাৰে শোকাকুল পৰিবেশৰ মাজত অজস্ৰ গুণমুগ্ধ উপস্থিত নিজা ঘৰৰ চৌহদতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰে। উল্লেখ্য যে ৯০ দশকত সদৌ অসম ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিকৰ ক্ৰমে সভাপতি,সম্পাদকৰ লগতে‌ জিলা কাৰ্যনিৰ্বাহক আদি বিভিন্ন পদবীত সোনোৱালে সুদীৰ্ঘ বছৰ কাৰ্যনিবাহ কৰিছিল।

তেঁওৰ নেতৃত্বতে সংগঠনটো অঞ্চলটোত অধিক শক্তিশালী হৈ উঠিছিল। ইয়াৰ পৰৱৰ্তী সময়তো আমৃত্যু পৰ্যন্ত বিভিন্ন সংগঠন আৰু অনুষ্ঠানৰ সৈতে জৰিত হৈ আছিল প্ৰাক্তন আছু নেতাজন।