ধেমাজি

বিলাসী বাহনত উদ্ধাৰ লক্ষাধিক টকা

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ নিৰ্বাচনী গৰম বতাহৰ সময়তে ধেমাজিত বিলাসী বাহনত উদ্ধাৰ হৈছে ১২,৪৬,৭০০ টকা ৷ ধেমাজিৰ চাৰিআলিত আৰক্ষীৰ নিয়মীয়া তালাচিত এখন ইন’ভা গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে এই টকাখিনি ৷ ই’নভা খনৰ নম্বৰ এ এছ ০৭ কে ৯৯৩১ ৷ ধেমাজি চাৰিআলিৰ মহাবক্স মালচান্দ পেট্টল ডিপোৰ সন্মুখৰ পৰা উদ্ধাৰ হৈছে এই বিশাল পৰিমাণৰ টকা ৷

এই বৃহৎ পৰিমাণৰ টকাখিনি বৈধ্য হয় নে নহয় তাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। উল্লেখযোগ্য যে ধেমাজি চাৰিআলিস্থিত মহাবক্স মালচান্দ পেট্টল ডিপোৰ স্বতাধিকাৰী সাৰিতা বাকীয়ালে লৈ আহিছিল টকাখিনি।