ধেমাজি

ৰাজ্যৰ ভিতৰত দশম স্থানত থকা ধেমাজিৰ কেইবাখনো বিদ্যালয় জিলিকিল ১০০ শতাংশ উত্তীৰ্ণৰে...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : ৰাজ্যৰ ভিতৰতে ৭২.৩৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হাৰেৰে দশম স্থানত ধেমাজি। সোমবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধেমাজি জিলাই দশম স্থান লাভ কৰাৰ সমান্তৰালভাবে ব্যক্তিগত শিক্ষানুষ্ঠান গোগামুখ খ্ৰাইষ্টকিং হাইস্কুলৰ পৰা ৰজত ঘোচে ৫৮৫ নম্বৰ লাভ কৰি শীৰ্ষৰ দশম স্থান পাবলৈ সক্ষম হয়।

জিলাখনৰ মুঠ ১৩ ,৬২২ গৰাকী পৰীক্ষাৰ্থীয়ে অৱৰ্তীণ হোৱা বিপৰীতে মুঠ ৯,৮৫৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ ইয়াৰে মুঠ ১৩৭ গৰাকীয়ে ড্ৰিষ্টিংছন, ৪০০ গৰাকীয়ে ষ্টাৰমাৰ্ক, ২,৯৩২ গৰাকীয়ে প্ৰথম বিভাগত, ৫,৪৭৫ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১,৪৪৬ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে৷

ইফালে ব্যক্তিগত শিক্ষানুষ্ঠান ধেমাজি কিৰণ একাডেমীৰ ৩৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৯ গৰাকীয়ে ড্ৰিষ্টিংছন, ১১ গৰাকীয়ে ষ্টাৰমাৰ্ক, ১৭ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰি শিক্ষানুষ্ঠানখনৰ ফলাফলৰ ক্ষেত্ৰত ১০০ শতাংশ উত্তীৰ্ণ হৈছে ৷ একেদৰে ব্যক্তিগত শিক্ষানুষ্ঠান ধেমাজি এচ এফ এচ স্কুলৰ মুঠ ১২০ পৰীক্ষাৰ্থী ভিতৰত ৩০ গৰাকীয়ে ড্ৰিষ্টিংছন, ২৯ গৰাকীয়ে ষ্টাৰমাৰ্ক, ৫২ গৰাকীয়ে প্ৰথম বিভাগত আৰু ৯ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰি ১০০ শতাংশ উত্তীৰ্ণ হৈছে ৷

ধেমাজি নগৰৰ আন এখন শিক্ষানুষ্ঠান পৰমানন্দ একাডেমীয়েও মুঠ ১৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪ গৰাকীয়ে ষ্টাৰমাৰ্ক, ৪ গৰাকীয়ে প্ৰথম বিভাগত আৰু ৫ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰি শিক্ষানুষ্ঠানখনৰ ১০০ শতাংশ উত্তীৰ্ণ হয় ৷ তেনেদৰে ধেমাজি শংকৰদেৱ বিদ্যানিকেতনৰ মুঠ ৪৫ গৰাকীৰ পৰীক্ষাৰ্থীৰ ভিতৰত ৯ গৰাকীয়ে ড্ৰিষ্টিংছন, ৯ গৰাকীয়ে ষ্টাৰমাৰ্ক, ১২ গৰাকী প্ৰথম বিভাগত, ১৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু মাত্ৰ ১ গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীৰ্ণ হয়। এই বিদ্যালয়খনৰো উৰ্ত্তীণ হাৰ হৈছে ১০০% ৷

ইফালে বিদ্যালয়খনৰ পৰীক্ষাৰ্থী সকলৰ ভিতৰত সমাজ অধ্যয়ন বিষয়ত মাধুৰ্য্য গগৈ, খুচি বৰপাত্ৰগোঁহাই আৰু অংকিতা হাজৰিকাই ১০০ নম্বৰ লাভ কৰে ৷ মুঠ ৬৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১ গৰাকীয়ে ষ্টাৰমাৰ্ক, ১১ গৰাকীয়ে প্ৰথম বিভাগত, ৩৫ গৰাকীয়ে দ্বিতীয় বিভাগত, ২ গৰাকীয়ে তৃতীয় বিভাগৰ সৈতে বিদ্যালয়খনৰ শতকৰা উত্তীৰ্ণ হাৰ ৭২ শতাংশ ৷

ইফালে বাটঘৰীয়া অঞ্চলৰ কঢ়াকান উচ্চ মাধ্যমিক বিদ্যালয়ত মুঠ ২৮ গৰাকী অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ভিতৰত ১ গৰাকীয়ে ড্ৰিষ্টিংছন, ২ গৰাকীয়ে ষ্টাৰমাৰ্ক, ১৮ গৰাকীয়ে প্ৰথম বিভাগত আৰু ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ৷ উল্লেখ্য যে, বিদ্যালয়খনৰ পৰীক্ষাৰ্থী মনদ্বীপ হাজৰিকাই সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰিছে৷