ধেমাজি

PMAY গৃহৰ ধন আত্মসাতৰ অভিযোগঃ গ্ৰেপ্তাৰ বিজেপিৰ পঞ্চায়ত সভাপতি

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনষ্ঠ বেতনিপাম গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈক শুকুৰবাৰে চিলাপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সভাপতিজনে পঞ্চায়তখনৰ অধীনৰ দৰিদ্ৰ হিতাধিকাৰীৰ পি এম ও ওৱাইP(MAY) গৃহৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছিল একাংশ হিতাধিকাৰীয়ে।

এজাহাৰৰ ভিত্তিত সভাপতিগৰাকীৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত পঞ্জীয়ন হৈছিল ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৪০৬ আৰু ৪০৯ ধাৰা অনুযায়ী ১৮৪/২৩ নং এক গোচৰ। ইয়াৰ পাছতেই শুকুৰবাৰে চিচিবৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সভাপতি বিক্ৰম গগৈক । বিজেপিৰ পঞ্চায়ত সভাপতিজনক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সমগ্ৰ ধেমাজি জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।